ETV Bharat / sports

কেৰেলাক পৰাজিত কৰি স্বাধীনতা কাপৰ চূড়ান্ত খিতাপ অর্জন ASEB গুৱাহাটীৰ

author img

By

Published : Dec 10, 2021, 11:00 PM IST

দিবা-নৈশ(Day Night Football Match) তুমুল প্ৰতিদ্বন্দিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাৱৰ হৈ দীপেন দৈমাৰীয়ে গ'ল দি নিজ দলক আগবঢ়াই নিয়ে । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গুৱাহাটী দলৰ দীপেন দৈমাৰীয়ে খেলত ৪১ মিনিটত এক দীঘলীয়া কিকেৰে বিপক্ষৰ গ'লৰক্ষকক শলঠেকত পেলাই গ'লটো দিবলৈ সক্ষম হয় ।

independence_cup_football_final
স্বাধীনতা কাপৰ চূড়ান্ত খিতাপ অর্জন ASEB গুৱাহাটীৰ

নগাঁও, 10 ডিচেম্বৰ : সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা(Independence cup football Final)ত কেৰেলা ইউনাইটেড ফুটবল ক্লাৱক পৰাজিত কৰি গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাৱে (ASEB Guwahati) চূড়ান্ত বিজয়ী খিতাপ অর্জন কৰিবলৈ সক্ষম হয় । নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত শুকুৰবাৰে সামৰণি পৰা ঐতিহ্যমণ্ডিত এই প্ৰতিযোগিতাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাৱে কেৰেলা ইউনাইটেড ফুটবল ক্লাৱক টাইব্ৰেকৰত সামগ্ৰিকভাৱে ৪-৩ গ'লত পৰাস্ত কৰে ।

স্বাধীনতা কাপৰ চূড়ান্ত খিতাপ অর্জন ASEB গুৱাহাটীৰ

দিবা-নৈশ(Day Night Football Match) তুমুল প্ৰতিদ্বন্দিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাৱৰ হৈ দীপেন দৈমাৰীয়ে গ'ল দি নিজ দলক আগবঢ়াই নিয়ে । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গুৱাহাটী দলৰ দীপেন দৈমাৰীয়ে খেলত ৪১ মিনিটত এক দীঘলীয়া কিকেৰে বিপক্ষৰ গ'লৰক্ষকক শলঠেকত পেলাই গ'লটো দিবলৈ সক্ষম হয় । বিৰতিৰ পিছতে খেলৰ ৮০ মিনিটত কেৰেলা ইউনাইটেড ফুটবল ক্লাৱৰ হৈ পৰিৱৰ্তিত খেলুৱৈ বিষ্ণুয়ে গ'ল দি খেলখনৰ সমতা স্থাপিত কৰে ।

নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ'লত খেলখন ড্ৰ' থকাৰ পিছত অতিৰিক্ত ৩০ মিনিটতো কোনো ফলাফল লাভ নকৰাত টাইব্ৰেকাৰ পদ্ধতিৰে খেলৰ ফলাফল নিৰ্ণয় কৰা হয় । টাইব্ৰেকাৰত এ এছ ই বি স্পৰ্টছ ক্লাৱৰ হৈ হিতেশ্বৰ হাজোৱাৰী, ডিজৰাজ বড়ো আৰু উৎপল ৰায়ে গ'ল স্ক'ৰ কৰাৰ বিপৰীতে কেৰেলা ইউনাইটেড ফুটবল ক্লাৱৰ হৈ নিধিন কৃষ্ণ আৰু মুনমুনেহে গ'ল স্ক'ৰ কৰিবলৈ সক্ষম হয় ।

বঙাইগাঁও এলেভেন ষ্টাৰ ক্লাৱে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল, কেৰেলা ইউনাইটেড ফুটবল ক্লা’ৰ গণেশন শ্ৰেষ্ঠ স্কীমাৰ, এ এছ ই বি ৰ ধাবেশ দৈমাৰী আৰু কেৰেলা ইউনাইটেড এফ চিৰ অৰ্জুন মাৰ্দি যুটীয়াভাৱে সৰ্বোচ্চ গ'লদাতা তথা এ এছ ই বি ৰ গ’লৰক্ষক দাউগা ব্ৰক্ষ্ম শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে । প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত প্ৰবীণ জ্যেষ্ঠ অধিবক্তা দেৱব্ৰত শৰ্মা, বিশিষ্ট ক্ৰীড়া সংগঠক অৰুণজ্যোতি মৰাণ, সমাজকৰ্মী অশোক দাস, নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্লাৱন বৰুৱা আদিৰ উপস্থিতিত বিভিন্ন বঁটাসমূহ বিতৰণ কৰা হয় ।

লগতে পঢ়ক : স্বাধীনতা কাপ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ অসম পুলিচ ব্লু'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.