ETV Bharat / bharat

Farmers to return home : প্ৰায় ৩৭৮ দিনীয়া ঐতিহাসিক আন্দোলন সামৰি ঘৰমুৱা কৃষক

author img

By

Published : Dec 11, 2021, 1:26 PM IST

এবছৰৰো অধিক সময় দিল্লী সীমান্তত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত এতিয়া ঘৰলৈ যাবলৈ সাজু হৈছে কৃষকসকল (farmers to return home)। বহু কৃষক ইতিমধ্যে গাঁৱলৈ ৰাওনা হৈছে । একাংশ কৃষক নেতাই সু-সজ্জিত ট্ৰেক্টৰত নিজৰ নিজৰ গাঁৱলৈ ৰাওনা হ'ব । সীমান্তত ৫১ ফুট দৈৰ্ঘৰ ট্ৰলীৰ ব্যৱস্থা কৰা হৈছে ।

Protesting farmers ready to return home
প্ৰায় ৩৭৮ দিনীয়া ঐতিহাসিক আন্দোলনৰ অৱসান

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : প্ৰায় ৩৭৮ দিন ধৰি দিল্লীৰ সীমান্তত বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে । এই প্ৰতিবাদৰ মাজতে বিগত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি আইন বাতিলৰ ঘোষণা কৰিছিল (PM Modi announced to repeal farm law) । লগে লগে আইন বাতিল বিধেয়কো শীতকালীন অধিৱেশনত গৃহীত কৰা হৈছিল । চৰকাৰৰ পৰা দাবী পূৰণৰ ইতিবাচক সঁহাৰি পোৱাৰ লগে লগে কৃষক সংগঠনসমূহৰ একত্ৰিত সংস্থা সংযুক্ত কিষান মৰ্চায়েও (SKM) প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে (SKM has announced suspension of protests)।

ইয়াৰ পাছতে যেন এই বৃহৎ কৃষক আন্দোলনৰ অৱসান ঘটিল । আন একাংশ দাবী আছে যদিও মূল দাবী সমাধান হোৱাৰ লগে লগে সমগ্ৰ দেশতে কৃষকসকলৰ মাজত আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে দিল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলো ঘৰ যাবলৈ সাজু হৈছে (farmers to return home)।

সিংঘু আৰু টিক্ৰি সীমান্তৰ বহু কৃষকে পঞ্জাৱৰ তেওঁলোকৰ ঘৰলৈ যাবলৈ সাজু হৈছে । অস্থায়ীভাৱে নিৰ্মাণ কৰা শিবিৰবোৰো আঁতৰাবলৈ আৰম্ভ কৰিছে কৃষকসকলে (Farmers start removing tents from Singhu)। ইফালে বৃহস্পতিবাৰে কেন্দ্ৰই কৃষকসকলৰ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দি এখন পত্ৰ প্ৰেৰণ কৰিছে । তাৰ পাছতে একাংশ কৃষক ইতিমধ্যে তেওঁলোকৰ গাঁৱলৈ ৰাওনা হৈছে ।

জানিব পৰা মতে, কৃষকসকলৰ আন্দোলন সফল হোৱাত পঞ্জাৱৰ একাংশ কৃষকে ১৩ ডিচেম্বৰত অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ গৈ প্ৰাৰ্থনা আগবঢ়াব ৷ কৃষকসকলে তেওঁলোকৰ বিজয় উদযাপনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । একাংশ কৃষক নেতাই সু-সজ্জিত ট্ৰেক্টৰত নিজৰ নিজৰ গাঁৱলৈ ৰাওনা হ'ব ।

ইয়াৰোপৰি সংযুক্ত কিষাণ মৰ্চাৰ সকলো শীৰ্ষ নেতাৰ বাবে সিংঘু সীমান্তত ৫১ ফুট দীঘলীয়া ট্ৰলীৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে প্ৰতিবাদস্থলীত প্ৰায় এবছৰ পূৰ্বে স্থাপন কৰা সামূহিক ৰান্ধনী ঘৰ বা লংগৰবোৰত কিন্তু এতিয়াও খাদ্য তৈয়াৰ হৈয়ে আছে । কিয়নো যিসকল কৃষকে ঘৰলৈ ৰাওনা হৈছে, তেওঁলোকৰ বাবে আহাৰ পাৰ্চেল কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে, প্ৰতিবাদকাৰী কৃষকসকলৰ ঘৰবোৰতো আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে । প্ৰায় এবছৰ ধৰি ঘৰৰ পৰা আঁতৰত থকা কৃষকসকলক লগ পাবলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে পৰিয়ালৰ সদস্যসকল । ঘৰৰ একাংশ মহিলা আৰু পৰিয়ালৰ সদস্যসকলে প্ৰতিবাদকাৰী কৃষকসকলক আদৰিবলৈ ইতিমধ্যে সীমান্তত আহি উপস্থিত হৈছে । প্ৰতিবাদ স্থগিত ৰখাৰ ঘোষণা কৰিলেও কৃষক সংঘই উল্লেখ কৰা মতে ১৫ জানুৱাৰীত এক পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : Protesting farmers set to leave: সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.