ETV Bharat / bharat

Protesting Farmers Set To Leave: সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক

author img

By

Published : Dec 9, 2021, 2:52 PM IST

সিংঘু সীমান্তৰ প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু হৈছে প্ৰতিবাদকাৰী কৃষকসকল (Protesting farmers set to leave Singhu protest site) । অৱশ্যে প্ৰতিবাদ সম্পৰ্কে শেষ সিদ্ধান্ত ল'ব সংযুক্ত কিষান মৰ্চাই ।

Protesting farmers set to leave
সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক

নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ : দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অৱসান । অৱশেষত সিংঘু সীমান্তৰ প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু হৈছে প্ৰতিবাদকাৰী কৃষকসকল (Protesting farmers set to leave Singhu protest site)। দিল্লী-হাৰিয়ানা সীমান্তৰ প্ৰতিবাদকাৰী কৃষকসকলে ইতিমধ্যে অস্থায়ী শিবিৰবোৰ আঁতৰাবলৈ আৰম্ভ কৰিছে (Farmers start removing tents from Singhu protest site) ।

এগৰাকী কৃষকে জনোৱা মতে তেওঁলোকে ঘৰলৈ যাবলৈ সাজু হৈছে । কিন্তু প্ৰতিবাদ সম্পৰ্কে অন্তিম সিদ্ধান্ত সংযুক্ত কিষাণ মৰ্চাই ল'ব বুলি কৃষকগৰাকীয়ে অৱগত কৰে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন বাতিলৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কৃষকৰ বহু দাবী এতিয়াও মানি লোৱা নাই চৰকাৰে ।

লগতে পঢ়ক :Kisan Mahapanchayat : লক্ষ্ণৌত কৃষক মহাপঞ্চায়তত ভিন্ন প্ৰান্তৰ কৃষকৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.