ETV Bharat / state

Artist Bhaben Bora Passes Away : ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন শিল্পী ভবেন বৰাৰ

author img

By

Published : Dec 11, 2021, 9:31 AM IST

জামুগুৰিহাটৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাৰ দেহাৱসান(Artist Bhaben Bora Passes Away) ৷ সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শিল্পীগৰাকীৰ ৷ ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ৷ শিল্পীগৰাকীৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ ৷

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন শোণিতকোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাৰ
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন শোণিতকোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাৰ

চতিয়া, 11 ডিচেম্বৰ : অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাই বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে(Artist Bhaben Bora Passes Away) ৷

প্ৰবীণ নাট্যশিল্পী, সু-অভিনেতা, নাট পৰিচালক, বিশিষ্ট নিৱন্ধকাৰ তথা এগৰাকী সু-বক্তা হিচাপে পৰিচিত শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ জামুগুৰিহাট ৷

শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাৰ দেহাৱসান

২০১৯ বৰ্ষত ৰাজ্য চৰকাৰৰৰ ফালৰপৰা শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা প্ৰাপক শিল্পীগৰাকীৰ মৃত্যুত এগৰাকী “গুৰুক হেৰুৱালো” বুলি মন্তব্য কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰোপৰি শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোকসকল উপস্থিত হৈ শিল্পীগৰাকীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

জামুগুৰিহাটৰ বাবে বটবৃক্ষস্বৰূপ ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভবেন বৰাৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়েও শোকপ্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : সেনা প্ৰধানৰ মৃত্যুত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.