ETV Bharat / state

Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

author img

By

Published : Dec 11, 2021, 6:57 AM IST

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet decision) ত ? সবিশেষ চাওক এই প্ৰতিবেদনত...

Assam Cabinet decisions
কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে

গুৱাহাটী, 11 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ অধ্যক্ষতাত শুকুৰবাৰে নিশা অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet decision) ৷ এই বৈঠকতে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ইয়াৰে কেইটামান অন্যতম হ'ল-

  • মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাত (Ferry Accident in Majuli) প্ৰাণ হেৰুওৱা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক নিযুক্তি দিয়া হ’ব শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ পদত ৷
  • আন এগৰাকী নিহত ৰঙাচাহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক প্ৰৱক্তা পদত নিযুক্তি ।
  • হাউলী উন্নয়ন খণ্ডৰ কাৰ্যালয় সৰুপেটাত স্থাপনৰ সিদ্ধান্ত ৷
  • পৌৰসভা আৰু পৌৰ নিগমৰ বিভিন্ন ৱাৰ্ড পূৰ্বতে পাঁচ বছৰৰ বাবে মহিলাৰ কাৰণে সংৰক্ষিত আছিল ৷ এতিয়াৰে পৰা এই পদ দহ বছৰৰ বাবে সংৰক্ষিত হ’ব । এনে ৫০ শতাংশ ৱাৰ্ড দহ বছৰৰ বাবে সংৰক্ষিত থাকিব মহিলাৰ বাবে ।
  • অসম চৰকাৰ আৰু গুৱাহাটী আই আই টিয়ে প্ৰায় তিনিশ কোটি টকা ব্যয় সাপেক্ষে এখন হাইটেক চুপাৰ স্পেছিয়েলিটি হাস্পতাল (Hitech Super Specialty Hospital) নিৰ্মাণ কৰিব । য’ত চিকিৎসা বিজ্ঞানৰ গৱেষণাৰো সুবিধা থাকিব ।
  • ৮ খন জিলাত ৯ খন মহিলা মহাবিদ্যালয় স্থাপনৰ বাবে কেবিনেটে ২০৭.৫১ কোটি টকা আৱণ্টন জনায় । সোনাই, বটদ্ৰৱা, হাইলাকান্দি, চেঙা, পশ্চিম মঙলদৈ, চাপৰ, গোলকগঞ্জ আৰু জলেশ্বৰত স্থাপন হ’ব এই মহিলা মহাবিদ্যালয় ।
  • একেদৰে ৬ খন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হ’ব ক্ৰমে বৰছলা, ডুমডুমা, চিৰাং, মাজুলী, ওদালগুৰি আৰু বাক্সাত । ইয়াৰ বাবে অনুমোদন জনোৱা হয় ১০৩.৭৩ কোটি টকা ।
  • তিনিখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱা হয় ১৬৪.১৫ কোটি টকা । এই তিনিখন অভিযান্ত্ৰিক মহাবিদ্যালয় হ’ব ডাংতল, বিহালী আৰু শুৱালকুছিত ।
  • কেবিনেটে শুকুৰবাৰে আছাম ইণ্ড্ৰাষ্ট্ৰিয়েল প্ৰকিউৰমেণ্ট পলিচি ২০২০ (Assam Industrial Procurement Policy 2020) ত অনুমোদন জনায় ।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত হৈ থকা ২২ হাজাৰ অস্থায়ী কৰ্মচাৰীক মাহে ৬,৫০০ টকাকৈ মাননি আগবঢ়াবলৈ সিদ্ধান্ত লয় কেবিনেটে ।

লগতে পঢ়ক : Drugs Free Assam: DGP য়ে ক’লে, কেনেকৈ অসমলৈ আহে ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.