ETV Bharat / state

Swahid Divas celebrate in Assam : অসম চুক্তি ৰূপায়ণৰ আহ্বান শ্বহীদ পৰিয়ালৰ

author img

By

Published : Dec 11, 2021, 9:09 AM IST

Assam observes Swahid Divas across the state
অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ

শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস (Swahid Divas celebrate in Assam) ৷ শ্বহীদ পৰিয়ালৰ দাবী, ‘অথলে যাতে নাযায় শ্বহীদৰ তেজ, ৰূপায়ণ কৰক অসম চুক্তি’ ৷

নিউজ ডেস্ক, 11 ডিচেম্বৰ : অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া জাতীয় বীৰ শ্বহীদসকলক সুঁৱৰি শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় বীৰ শ্বহীদ দিৱস (Swahid Divas celebrate in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বৰপেটাতো বিভিন্ন দল-সংগঠনৰ লগতে অগপই জিলা সমিতিৰ কাৰ্যালয়তো শ্বহীদ দিৱস পালন কৰে (Swahid Divas celebrated in Barpeta) । অগপৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত পালন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত শ্বহীদ তৰ্পণৰ লগতে জিলাখনৰ শ্বহীদ পৰিয়ালসমূহক সম্বৰ্ধনা জনোৱা হয় ৷

Assam observes Swahid Divas across the state
ৰাজ্যজুৰি পালন শ্বহীদ দিৱস

জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ ত্যাগ যাতে অথলে নাযায়, তাৰ বাবে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ শ্বহীদ পৰিয়ালসমূহে চৰকাৰক আহ্বান জনায় ৷ লগতে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰো দাবী জনাই শ্বহীদৰ পৰিয়ালসমূহে ৷ অসম চুক্তি কাৰ্যকৰী নহ’লে শ্বহীদৰ আত্মাই শান্তি নাপাব বুলিও মন্তব্য কৰে বৰপেটাৰ শ্বহীদ গৰ্গেশ্বৰ পাঠকৰ ভাতৃয়ে ৷

Assam observes Swahid Divas across the state
অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ

তদুপৰি জিলাখনত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো এই দিৱস পালন কৰা হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা শ্বহীদ দিৱসৰ অনুষ্ঠানত কাৰ্যসূচী অনুসৰি আছুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ভাগৱত পাঠৰ লগতে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালৰ সহযোগত বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনত অনুষ্ঠিত চিকিৎসা শিবিৰটোত বিভিন্ন প্ৰান্তৰ ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে ৷

লগতে পঢ়ক : Swahid Divas celebrate in Nalbari : নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন শ্বহীদ দিৱস

আনহাতে, টীয়কতো ৮৫৫ জন বীৰ শ্বহীদক সুঁৱৰি অসম গণ পৰিষদে শ্বহীদ দিৱস পালন কৰে (Swahid Divas celebrated at Teok) । টীয়কৰ ভগামুখত ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত অসম গণ পৰিষদৰ টীয়ক বিধান পৰিষদে শ্বহীদ দিৱস পালন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই আৰু শ্বহীদ তৰ্পণ কৰে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য পৰেশ বৰাই ।

swahid-divas-celebrated-in-various-places-of-assam
ৰাজ্যজুৰি পালন শ্বহীদ দিৱস

ইফালে অসম জাতীয় পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা সমষ্টি সমিতিৰ সহযোগত ডুমডুমা প্ৰেছ ক্লাব প্ৰাংগণত অনুষ্ঠিত কৰা শ্বহীদ দিৱস (Swahid Divas celebrated at Dumduma)ৰ পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি ডমৰু সোণোৱালে ৷ শ্বহীদ তৰ্পণ কৰে জাতীয় যুৱ পৰিষদৰ অন্যতম উপ-সভাপতি ৰাণা চাংমায়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন সমষ্টি আৰু আঞ্চলিক সমিতিৰ বিষয়-ববীয়াসকল ৷

লগতে পঢ়ক : Swahid Divas in Guwahati : ফটাশিলত তিনি শ্বহীদ পৰিয়ালক সম্বৰ্ধনা

অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ (First martyr of Assam movement)ক শ্ৰদ্ধাঞ্জলি জনাই নগাঁৱতো জিলা ছাত্ৰ সন্থাই পালন কৰে শ্বহীদ দিৱস (Swahid Divas celebrate in Nagaon) ৷ শ্বহীদৰ আত্মবলিদান নতুন প্ৰজন্মই অথলে যাবলৈ নিদিয়ে বুলিও মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ বৰাই ৷ উল্লেখ্য যে, শ্বহীদৰ বলিদানৰ বাবে অসম চুক্তি ৰূপায়ণ হৈছিল ৷ কিন্তু সেয়া আজিলৈকে কাৰ্যকৰী নোহোৱাত আক্ষেপ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷

swahid-divas-celebrated-in-various-places-of-assam
অসম চুক্তি ৰূপায়ণৰ আহ্বান শ্বহীদ পৰিয়ালৰ

শুকুৰবাৰে মাণিকপুৰতো আছুৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয় (Swahid Divas celebrated at Manikpur) ৷ মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি আপ্তাবুল হুছেইনে । অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ গৰাকী বীৰ শ্বহীদৰ স্মৃতিত মাণিকপুৰৰ এগৰাকী শ্বহীদ পৰিয়ালৰ সদস্যৰ দ্বাৰা শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক : শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.