Swahid Divas celebrate in Nalbari : নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন শ্বহীদ দিৱস

By

Published : Dec 10, 2021, 2:17 PM IST

thumbnail

আজি শ্বহীদ দিৱস ৷ নলবাৰী জিলাৰ বালিকৰীয়াত আছুৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় শ্বহীদ দিৱসৰ কাৰ্যসূচী (Swahid Divas in Nalbari) ৷ অসম আন্দোলন (The Assam Movement)ৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে (Dipanka kumar Nath President of AASU) । আনহাতে, এই শ্বহীদ দিৱসৰ এই কাৰ্যসূচীতে নলবাৰী জিলাৰ শ্বহীদসকলৰ পৰিয়ালক সম্বধৰ্নাও জনোৱা হ’ব । শ্বহীদ দিৱসৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে মুখ্য তোৰণ ৷ লগতে অসম আন্দোলনৰ শ্বহীদ সকলৰ নামসমূহো উপস্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । শুকুৰবাৰে শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্য (AASU Chief Adviser Samujjal Bhattacharya), সম্পাদক শংকৰজ্যোতি বৰুৱা (Sankar Jyoti Baruah General Secretary of AASU)ৰ লগতে আছুৰ কেন্দ্ৰীয় নেতা-কৰ্মীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.