ETV Bharat / city

Swahid Divas in Guwahati : ফটাশিলত তিনি শ্বহীদ পৰিয়ালক সম্বৰ্ধনা

author img

By

Published : Dec 11, 2021, 7:09 AM IST

শুকুৰবাৰে ফটাশিল আমবাৰীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আৰু 7 নং মহানগৰ ৱাৰ্ড সমিতিৰ সহযোগত শ্বহীদ দিৱস পালন কৰা হয় (Swahid Divas in Fatasil Ambari) ৷ ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ জাতীয় শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ৷

swahid-divas-observed-at-fatasil-ambari-guwahati
ফটাশিলত তিনি শ্বহীদ পৰিয়ালক সম্বৰ্ধনা

গুৱাহাটী, 11 ডিচেম্বৰ : শুকুৰবাৰে সমগ্ৰ অসমতে পালন কৰা হয় শ্বহীদ দিৱস(Assam observes Swahid Divas across the state) ৷ একেদিনাই ফটাশিল আমবাৰীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আৰু 7 নং মহানগৰ ৱাৰ্ড সমিতিৰ সহযোগত ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ জাতীয় শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে শ্বহীদ দিৱস উদযাপন কৰা হয়(Swahid Divas in Fatasil Ambari) ৷

শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মাই সভাপতিত্ব কৰে ৷ ইয়াৰোপৰি এই অনুষ্ঠানটোত অসম আন্দোলনৰ লগত জড়িত থকা তিনিগৰাকী শ্বহীদ পৰিয়ালৰ(Assam Movment martyr Family) সদস্য ক্ৰমে শ্বহীদ মহেন্দ্ৰ দাসৰ সহধৰ্মিণী ৰেণুবালা দাস, শ্বহীদ মহন্ত দাসৰ সহধৰ্মিণী কমলা দাস আৰু শ্বহীদ ভূৱনেশ্বৰ তালুকদাৰৰ ভগ্নী মামণি তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানটোত উপস্থিত সকলোকে আদৰণি জনায় গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউঞ্চিলাৰ ভূপেন ঠাকুৰীয়াই । এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকাই(Writer Riju Hazarika in Guwahati Swahid Divas) অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ যি লক্ষ্যৰ বাবে 855 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিলে, সেই লক্ষ্য অতিক্ৰম কৰিবলৈ এতিয়াও বহুদূৰ বাকী আছে বুলি আক্ষেপ প্ৰকাশ কৰে হাজৰিকাই ।

ফটাশিলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিজেপি নেতা হীৰেণ মেধি, অগপৰ কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ সাধাৰণ সম্পাদিকা সংগীতা ৰাজবংশী, 7 নং ৱাৰ্ড কমিটিৰ সভাপতি ভূপেন্দ্ৰ নাথ সোণোৱাল, সম্পাদক উজ্বল কলিতা, দিগম্বৰ কলিতাৰ উপৰিও গোলক ডেকা, হেমেন ডেকাকে ধৰি কেবাজনো অগপ-বিজেপি নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Observes Swahid Divas: ধেমাজিত আছুৰ শ্বহীদ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.