Assam Observes Swahid Divas: ধেমাজিত আছুৰ শ্বহীদ দিৱস উদযাপন

By

Published : Dec 10, 2021, 7:01 PM IST

thumbnail

আজি শ্বহীদ দিৱস ৷ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত সমগ্ৰ অসমতে শুকুৰবাৰৰ দিনটোত উদযাপিত কৰা হৈছে শ্বহীদ দিৱস(Assam observes Swahid Divas across the state) ৷ সমান্তৰালকৈ স্বদেশ প্ৰেমৰ গীতেৰে মুখৰিত ধেমাজিৰ শ্বহীদ উদ্যানৰ বাকৰি ৷  ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি শ্বহীদ উদ্যানত শুকুৰবাৰে অনুষ্ঠিত কৰে শ্বহীদ দিৱস ৷ শ্বহীদ দিৱস উপলক্ষে আছুৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই ৷ শ্বহীদ তৰ্পণ কৰে জিলা আছুৰ সম্পাদক কল্যাণ গগৈয়ে ৷ ইপিনে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মন্টু বৰুৱাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্বহীদ কমল বৰাৰ পিতৃ টংক বৰা, শ্বহীদ পত্নী তৰুলতা বৰুৱা, অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি, শ্বহীদ পৰিয়ালবৰ্গ, প্ৰাক্তন আছু কৰ্মীৰ প্ৰমুখ্যে ধেমাজিৰ বিভিন্ন দল সংগঠনৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.