ETV Bharat / state

শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

author img

By

Published : Dec 10, 2021, 8:23 AM IST

Martyrs' Day commemorates martyrs of Assam movement across the state
Martyrs' Day commemorates martyrs of Assam movement across the state

আজি শ্বহীদ দিৱস ৷ 1979 চনৰ 10 ডিচেম্বৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder killed by police)৷ তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷

নিউজ ডেস্ক, 10 : 1979 চনৰ 10 ডিচেম্বৰ, এই দিনটোতেই জাতি ৰক্ষাৰ বাবে আত্মবলিদান দিছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder Sacrificed himself for the nation) ৷ ছবৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথমৰ গৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ (First martyr of Assam movement) ৷

Martyrs' Day commemorates martyrs of Assam movement across the state
শ্বহীদ প্ৰণামো তোমাক

অসম আন্দোলনৰ সূত্ৰপাত :

চন 1978 ৰ 24 মাৰ্চত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হয় ৷ যাৰ ফলত সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰে ৷ সেই সময়তে 27 এপ্ৰিলত জাননী জাৰী কৰা হয় ভোটাৰ তালিকা সংশোধনৰ (Revision of voter list)৷ তেতিয়াই পোহৰলৈ আহে এক ভয়ংকৰ তথ্য ৷ মঙলদৈ সমষ্টিৰ ভোটাৰ তালিকাত ধৰা পৰে প্ৰায় 45000 গৰাকী সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম (Suspected citizens in Mangaldoi)৷ সেই সময়ত সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিবলৈ যো-জা চলাইছিল আবেদা বেগমে ৷

চন 1979, মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ৷ সেই বছৰৰে 27 জুনত আছুৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত বিদেশী সমস্যা সন্দৰ্ভত অনুষ্ঠিত হয় এখন সভা ৷ জাতীয়তাবাদী দলে এই সমস্যাৰ সমাধান নোহোৱালৈকে অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ অনুৰোধ জনায় চৰকাৰক ৷ লগে লগেই আছুৰ উদ্যোগত বিদেশী বিতাৰণক মূল বিষয় হিচাপে লৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷

Martyrs' Day commemorates martyrs of Assam movement across the state
অসম আন্দোলন

লগতে পঢ়ক : চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

আৰম্ভ হ’ল আন্দোলনৰ উকমুকনি ৷ 1979ৰ চেপ্তেম্বৰ মাহত পালন কৰা হ’ল শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী (The outbreak of assam movement) ৷ সেই সময়তে নিৰ্বাচন আয়ুক্তই নিৰ্দেশ দিয়ে 1978 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৷ এই নিৰ্দেশে যেন উমি উমি জ্বলি থকা আন্দোলনৰ জুইকুৰাত ঘিঁউ ঢালি দিলে ৷ সন্দেহযুক্ত নাগৰিকৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্তৰে অসমত আৰম্ভ হ’ল গণ আন্দোলন ৷ সমগ্ৰ অসম বিয়পি পৰিল আন্দোলনৰ জুই ৷

অব্যাহত থাকিল আন্দোলন ৷ কিন্তু নিজৰ স্থিতি অটল থাকিল চৰকাৰ ৷ নিৰ্বাচন হ’বই যিকোনো প্ৰকাৰে ৷ 1979 চনৰ 10 ডিচেম্বৰ, বিশাল কনভয় লৈ মনোনয়ন পত্ৰ দিবলৈ আহিল কংগ্ৰেছৰ প্ৰাৰ্থী আবেদা বেগম ৷ এই কনভয়ক গণতান্ত্ৰিকভাৱে বাধা প্ৰদান কৰিবলৈ গৈছিল একাংশ আন্দোলনকাৰীয়ে ৷ কিন্তু সেই মূহুৰ্ততে আন্দোলনকাৰীৰ ওপৰত চলিল আৰক্ষীৰ লাঠীচাৰ্জ আৰু তাৰ পাচতেই এটা তপ্ত বুলেটৰ আঘাতত ঢলি পৰিল আন্দোলনৰ আগশাৰীত থকা তেজাল ডেকা খৰ্গেশ্বৰ তালুকদাৰ ৷ সেই চৰকাৰী অভিযানৰ নেতৃত্বত আছিল সেই সময়ৰ দুধৰ্ষ আই পি এছ বিষয়া, চুপাৰ কপ কে পি এছ গীল ।

Martyrs' Day commemorates martyrs of Assam movement across the state
জাতিৰক্ষাৰ যুঁজ

লগতে পঢ়ক : 83's Assam Movement: ৰজাঘৰে পাহৰিলে নেকি চাচনীৰ জেউতি শইকীয়াক ?

অসম বিয়পি পৰিল খৰ্গেশ্বৰৰ মৃত্যুৰ খবৰ ৷ লগে লগে দপদপাই জ্বলি উঠিল আন্দোলনৰ জুইকুৰা ৷ হিংসাত্মক ৰূপ ল’লে আন্দোলনে ৷ স্কুল-কলেজ সকলো অচল হৈ পৰিল ৷ ইফালে আন্দোলন দমন কৰিবলৈ কঠোৰ হৈ পৰি তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ৷ আন্দোলনকাৰীৰ ওপৰত চলিল আৰক্ষী নিৰাপত্তা বাহিনীৰ লাঠি আৰু গুলী ৷ ছবছৰ ধৰি চলিল এই আন্দোলন ৷ জাতি ৰক্ষাৰ মহাসমৰ স্বৰূপ এই অসম আন্দোলনত শ্বহীদ হ’ল 855 জন লোক(পাচলৈ 860 বুলি ঘোষণা কৰা হয়) ৷ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত 15 আগষ্ট, 1985 চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত হয় ঐতিহাসিক অসম চুক্তি ৷

তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷ আজিও প্ৰতিজন অসমীয়াই সুঁৱৰি আহিছে শ্বহীদৰ সেই অমূল্য ত্যাগক ৷

লগতে পঢ়ক : শ্বহীদ দিৱসৰ প্ৰাকমুহূৰ্তত কিয় অসম আন্দোলনক ব্যৰ্থ বুলি ক’লে এগৰাকী শ্বহীদ পিতৃয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.