শ্বহীদ দিৱসৰ প্ৰাকমুহূৰ্তত কিয় অসম আন্দোলনক ব্যৰ্থ বুলি ক’লে এগৰাকী শ্বহীদ পিতৃয়ে ?

author img

By

Published : Dec 9, 2021, 8:54 PM IST

father-of-martyr-calls-assam-movement-a-failure

স্বদেশ আৰু স্ব-জাতি ৰক্ষাৰ অংগীকাৰবদ্ধ হৈ ছবছৰীয়া অসম আন্দোলনত(The Assam movement) তেজৰ আখৰৰে ইতিহাস ৰচিলে 855 জন অসমীয়াই ৷ ব্যৰ্থ হৈছিল নেকি সেই আন্দোলন ? শ্বহীদ দিৱসৰ প্ৰাকক্ষণত কিয় অসম আন্দোলনক ব্যৰ্থ বুলি ক’লে এগৰাকী শ্বহীদ পিতৃয়ে ? জানো আহক এই বিশেষ প্ৰতিবেদনত ৷

ধেমাজি, 9 ডিচেম্বৰ : ছবছৰীয়া অসম আন্দোলন(The Assam movement) ! অসমক বিদেশী মুক্ত কৰাৰ স্বাৰ্থত স্বদেশ আৰু স্ব-জাতিৰ ৰক্ষাৰ অংগীকাৰবদ্ধ হৈ এই দীঘলীয়া সময়চোৱা আন্দোলনত নামি পৰিছিল সৰহ সংখ্যক অসমীয়া ৷ মূলত মঙলদৈৰ পৰা আৰম্ভ হোৱা এই আন্দোলন ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ পাইছিল ৷ প্ৰথমে ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰে (Swahid Khargeshwar Talukdar) এই আন্দোলনত শ্বহীদ বৰণ কৰাৰ পিছৰে পৰা এই আন্দোলনৰ ইতিহাস ৰচিত হ’ল তেজৰ আখৰৰে ৷

855 জন অসমীয়াই জাতিৰ স্বকীয়তা জীয়াই ৰখাৰ বাবেই তেজেৰে লিখিলে ইতিহাস ৷ ছবছৰৰ অন্তত অসম চুক্তিৰ পৰিণতিত যৱনিকা পৰিল অসম আন্দোলনৰ(6 Year long Assam movement) ৷ আন্দোলনক সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত 1985 চনত মুখ্যমন্ত্ৰীৰ (Prafulla Kumar Mahanta became Assam CM) ৰূপত দিশপুৰৰ মছনদত অধিস্থিত হ’ল ৷ পিছে সেই তেতিয়াৰে পৰা মহন্ত আৰু তেওঁৰ অগপ চৰকাৰৰ বিৰুদ্ধে অসম আন্দোলনৰ শ্বহীদ (Assam movement martyrs) তথা নিৰ্যাতিত সকলক পাহৰি যোৱাৰ অভিযোগ উত্থাপিত হ’ল ৷

শ্বহীদ দিৱসৰ প্ৰাকমুহূৰ্তত কিয় অসম আন্দোলনক ব্যৰ্থ বুলি ক’লে এগৰাকী শ্বহীদ পিতৃয়ে ?

এই 855 গৰাকী শ্বহীদৰ (855 Martyrs of Assam movement) মাজৰে এজন আছিল ধেমাজিৰ বিষ্ণুপুৰ কোচঁ গাৱৰ শ্বহীদ কমল বৰা ৷ আন আন শ্বহীদ সকলৰ দৰেই এইগৰাকী শ্বহীদকো সময়ত সকলোৱে পাহৰি যোৱাৰ অভিযোগ আনিছে খোদ শ্বহীদ গৰাকীৰ পিতৃয়ে ৷ এগৰাকী মুক্তিযুঁজাৰু তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী এইজন শ্বহীদ পিতৃ টংক বৰাই এতিয়া অসম আন্দোলনক ব্যৰ্থ আখ্যা দি এতিয়া চৰম হতাশা প্ৰকাশ কৰিছে ৷

মন কৰিব লগীয়া যে, ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত ধেমাজিত শ্বহীদ বৰণ কৰা কমল বৰাৰ মাতৃকো আৰক্ষীয়ে আন্দোলনৰ সময়চোৱাত চলাইছিল সীমাহীন অত্যাচাৰ ৷ সেই নিৰ্যাতনৰ বিষ আজিও ককালত কঢ়িয়াই ফুৰিছে শ্বহীদ মাতৃ গৰাকীয়ে ৷ উল্লেখযোগ্য যে, অহা কাইলৈ অৰ্থাৎ শুকুৰবাৰে 10 ডিচেম্বৰ, ৰাজ্যজুৰি এই দিনটোক পালন কৰা হয় শ্বহীদ দিৱস ৰূপে ৷ এতিয়া শ্বহীদ দিৱসৰ প্ৰাকক্ষণত এগৰাকী শ্বহীদৰ পৰিয়ালে শ্বহীদৰ ত্যাগে নাৰ্য্যতা নোপোৱাৰ কথা কৈ অসম আন্দোলনৰ নেতৃত্বক কথোৰ সমালোচনা কৰা দিশটোৱে বহন কৰিছে যথেষ্ট তাৎপৰ্য ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.