প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

author img

By

Published : Dec 9, 2021, 2:01 PM IST

Nagaland firing incident

নাগালেণ্ডৰ মন জিলালৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙক (AICC Secretary Jitendra Singh) যোৱাত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী ৷

মৰাণ, 9 ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাত নিৰীহ শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা ঘটনাই (Nagaland firing incident) দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ আজিও মন জিলাত উত্তেজনা বিৰাজ কৰি আছে । কেন্দ্ৰীয় চৰকাৰে নিহত আৰু আহতসকললৈ সাহায্য ঘোষণা কৰিলেও পৰিয়াল লোকে ধনৰ সলনি ন্যায় লাগে বুলিহে দাবী কৰিছে ।

Nagaland firing incident
নাগালেণ্ডৰ মন জিলাৰ গুলি চালনাৰ ঘটনা

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই এখন বিশেষ সমিতি গঠন কৰিছে ৷ আনকি মন জিলাৰ ঘটনাক তদাৰক কৰিবলৈ এটা দল প্ৰেৰণ কৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷ কিন্তু কংগ্ৰেছ নেতা-কৰ্মীক নাগালেণ্ডলৈ যোৱাত বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে (Security forces have trapped Jitendra Singh) ৷

ডিব্ৰুগড়ত ৰাজ্যত চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙে (AICC Secretary Jitendra Singh reaction on Nagaland incident) । কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়, চৰকাৰে সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ লুকুৱাব বিচাৰিছে ৷ সেয়ে কংগ্ৰেছ নেতাক সেই স্থানলৈ যোৱাত বাধা প্ৰদান কৰিছে ৷

কংগ্ৰেছ কৰ্মীক নাগালেণ্ডলৈ যোৱাত বাধা প্ৰদান অসম আৰক্ষীৰ

লগতে তেওঁ কয় যে, সামৰিক অভিযান চলোৱাৰ আগত বহু পৰিকল্পনা কৰা হয় ৷ তেনেস্থলত নিৰীহ শ্ৰমিকক গুলীয়াই মৰাটোত কিবা ৰহস্য আছে । নিজৰ দোষ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজক ওচৰত ক্ষমা খোজাতো প্ৰয়োজন আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক : ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.