ETV Bharat / state

83's Assam Movement: ৰজাঘৰে পাহৰিলে নেকি চাচনীৰ জেউতি শইকীয়াক ?

author img

By

Published : Nov 19, 2021, 8:25 PM IST

জেউতি শইকীয়া প্ৰকৃততে কোন ? কিয় আজি চৰ্চাত জেউতি ? সবিশেষ সংবাদদাতা উমাকান্ত বৰুৱাৰ এক বিশেষ প্ৰতিবেদন...

fighter of Asom andulan
ৰজাঘৰে পাহৰিলে নেকি চাচনীৰ জেউতি শইকীয়াক

মৰাণ, 19 নৱেম্বৰ: জেউতি শইকীয়া ৷ নামতেই আছে তেওঁৰ মহত্ব জ্যেতি ৷ এসময়ত জেউতীৰ জ্যোতিয়ে থৰক-বৰক কৰিছিল শাসক-বিৰোধীৰ ভেঁটি ৷ পিছে আমি কৈ থকা এইগৰাকী জেউতি শইকীয়া কিয় আজি চৰ্চাৰ বিষয় ৷ এই কথা জানিবলৈ আমি যাব লাগিব অসম আন্দোলনৰ ভৰপক সেই সময়ৰ মাজলৈ ৷

অসম আন্দোলন ৷ তাৰিখ - ১৯৮৩ চনৰ ৭ ফ্ৰেব্ৰুৱাৰী ৷ সেই দিনা চাচনীৰ কুৱৰি গাঁৱত অনুষ্ঠিত হৈছিল বিদেশী বিতাৰণৰ এখন বিশেষ সভা ৷ এই ৰাজহুৱা সভাতে হাজাৰ জনৰ সৈতে গাভৰু তেজ বুকুত বান্ধি আইমাতৃৰ হকে আগৰণুৱাৰ ৰূপত জপিয়াই পৰিছিল জেউতি ৷

কিন্তু সেই সময়ত ৰাইজৰ পক্ষত নাছিল অসম আৰক্ষী ৷ বিদেশী বিতাৰণৰ এই সভাত অংশ লৈ আৰক্ষীৰ লাঠীৰ কোব পিঠিত লৈয়ো নিজৰ স্থিতিত অটল আছিল চাচনীৰ ২নং গোধাবিলৰ জেউতি শইকীয়া ৷ যাৰ বাবে আৰক্ষীৰ হাতত নিৰ্যাতিত হোৱাৰ লগতে ১৮ দিনকৈ জেলত থাকিব লগা হৈছিল জেউতিয়ে ৷

পিছে আজি কোনে খবৰ ৰাখিছে জেউতি শইকীয়াৰ ? ৰজাঘৰে বাৰু চিনি পাইনে চাচনীৰ সেই জেউতি শইকীয়াক ? CRPF ৰ লাঠীৰ কোব, জেলৰ বন্ধ কুঠৰীৰ সেই দিনবোৰে আজিও আবেগিক কৰে জেউতি শইকীয়াক ৷

ৰজাঘৰে পাহৰিলে নেকি চাচনীৰ জেউতি শইকীয়াক ?

লগতে পঢ়ক : ৰাজ্যত অনুষ্ঠিত ৰাস মহোৎসৱৰ কিয়দাংশ

বিপ্লৱী জেউতি শইকীয়াৰ অভিযোগ, স্বাৰ্থান্বেষী সকলৰ স্বাৰ্থ সিদ্ধি হ’ল ৷ সেই আন্দোলনৰ কিছু জীয়া দলিল সময়ৰ সোঁতত আজিও এলাগী হৈ ৰ’ল ৷ তাৰেই এক জিয়া উদাহৰণ এই গৰাকী জেউতি শইকীয়া ৷

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ ইতিহাসৰ পাতত লিপিবদ্ধ হোৱাৰ পিছত দুটা কাৰ্যকালৰ বাবে শাসনৰ গাদীত বহাৰ পিছতো অসম গণ পৰিষদ চৰকাৰৰ চকুত নপৰিল চাচনীৰ জেউতি শইকীয়ালৈ । সেই সময়ত অসম আন্দোলনৰ গুৰি ধৰোতা আছিল আজি মন্ত্ৰী-বিধায়ক হোৱা অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ দৰে বিয়াগোম নেতাসকল । আজিৰ এই সকল নেতাই বাৰু চিনি পায়নে জেউতি শইকীয়াৰ দৰে স্বাভিমানী নাৰীক ৷

লগতে পঢ়ক : Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

অৱশ্যে বিগত সময়ত প্ৰাক্তন অগপ বিধায়ক নৰেন সোণোৱালকে ধৰি মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তক চৰকাৰী কিছু বিশেষ সুবিধা বিচাৰি আবেদন নিবেদন কৰিও কোনো সুফল নাপালে জেউতি শইকীয়াই । আনকি পঞ্চায়তৰ ফালৰ পৰা অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা অনাময় আঁচনি এই হওক - আজিলৈকে একো এটাই লাভ কৰা নাই জেউতি শইকীয়াই । যাৰ বাবে অবিবাহিতা জীয়াৰীৰ সৈতে এটা উৰুখা পঁজাত লাওলোৱা অৱস্থাত বসবাস কৰা লগতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে দুজনীয়া পৰিয়ালটোৱে ।

জেউতিৰ ছবিখনৰ দৰেই অসমত আৰু বহুতো এনে নিৰ্যাতিত লোক আছে ৷ যি স্বদেশ আৰু স্বজাতিৰ বাবে ৰাজপথলৈ ওলাই আহি নিজৰ যৌৱনৰ সোণালী সময়তেই অকামিলা হৈ পৰিছিল আৰু বৰ্তমান এটা দুঃৰ্বিসহ জীৱন পাৰ কৰি আছে তেনেলোকে ৷ যাৰ খবৰ তেওঁলোকৰেই একালৰ সতীৰ্থসকলৰ ৰাজপাটত বহাৰ পাচত এবাৰো সুঁৱৰিলৈ আহৰি নহ’ল ৷

জাতি ৰক্ষাৰ স্বাৰ্থত নিজকে ঘুণীয়া কৰাৰ বাদে আন একোৱেই নাপালে জেউতি শইকীয়াৰ দৰে বিপ্লৱীসকলে । প্ৰশ্ন হয় বৰ্তমানৰ অসম চুক্তি ৰূপায়নৰ দ্বায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ কৃপা দৃষ্টি পৰিবনে এনে নিপীড়িত লোকসকলৰ সংস্থাপনৰ ক্ষেত্ৰত ! চৰকাৰে ঘোষণা কৰা নিৰ্যাতিত পৰিয়াললৈ সাহাৰ্য প্ৰদানৰ আঁচনিত জেউতিকে প্ৰমুখ্য কৰি অসমৰ প্ৰতিটো কোনত থকা প্ৰকৃত বিপ্লৱী সকল অন্তৰ্ভুক্ত হ'বনে ?

লগতে পঢ়ক : বৰপেটাৰ হাউলীত 94 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.