Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

author img

By

Published : Nov 19, 2021, 12:43 PM IST

as_ghy_01_debabrat_reaction_on_agri_act_7206058

দেশৰ কৃষকৰ এবছৰীয়া প্ৰতিবাদৰ অন্তত অৱশেষত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে ৷ তিনিওখন কৃষি আইন বাতিলৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷

গুৱাহাটী, 19 নৱেম্বৰ : বিগত প্ৰায় এটা বছৰে দেশজুৰি চৰ্চাত থকা বহু বিতৰ্কিত তিনিখনকৈ কৃষি আইন অৱশেষত বাতিল কৰিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰে । শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি খোদ এই তিনি কৃষি আইন বাতিলৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

এই আইন তিনিখন বাতিল কৰিবলৈ দিল্লীয়ে সিদ্ধান্ত লোৱাৰ পিছত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে দেশত বৃটিছৰ দৰে শাসন চলাই আহিছিল ৷ দেশৰ কৃষকসকলৰ প্ৰতিবাদৰ পিছতো নিজৰ সিদ্ধান্তত অটল আছিল কেন্দ্ৰীয় চৰকাৰ ৷ কিন্তু পৰৱৰ্তী সময়ত এই আন্দোলনত প্ৰতিবাদকাৰী কৃষকৰ প্ৰাণ হানি হোৱাত উচ্চতম ন্যায়ালয়ে এই আইন তিনিখনত স্থগিতাদেশ প্ৰদান কৰে ৷

Govt to repeal all three farm laws : প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দেৱব্ৰত শইকীয়াই

ইয়াৰ মাজতে লখিমপুৰৰ খেৰীত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বাহনৰ তলত আহি প্ৰতিবাদকাৰী কৃষকৰ মৃত্যুৰ কথাও উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ৷ অৱশেষত দেশৰ লাখ লাখ অন্নদাতা কৃষকে বিগত প্ৰায় এটা বছৰে চলাই অহা‌ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওচৰত কেন্দ্ৰীয় চৰকাৰে সেও মানিবলৈ বাধ্য হ'ল বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ । ইয়াৰ মাজতে প্ৰতিবাদকাৰী কৃষকসকলকো ধন্যবাদ জ্ঞাপন কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

আনাগত দিনত এই ধৰণৰ আৰু কোনো ক’লা আইন নানিবলৈও তেওঁ চৰকাৰক সকীয়াই দি কয়, যদি অনাগত দিনত কেন্দ্ৰীয় চৰকাৰে এনে আইন প্ৰৱৰ্তন কৰে তেন্তে ৰাইজ পুনৰ ৰাজপথলৈ ওলাই আহিব ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ জুন মাহতে কেন্দ্ৰীয় চৰকাৰে এক অধ্যাদেশ যোগে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী এই আইন তিনিখন আনিছিল ।

পৰৱৰ্তী সময়ত বহু প্ৰতিবাদ আৰু বাধাকো আওকাণ কৰি কেৱল সংসদত বিজেপি আৰু মিত্ৰদলৰ সাংসদৰ সংখ্যা অধিক হোৱাৰ বাবেই ইয়াক আইনলৈ ৰূপান্তৰিত কৰিছিল মোডী চৰকাৰে । ইয়াৰ প্ৰতিবাদত দিল্লীৰ প্ৰতিটো সীমান্ততে দেশৰ কৃষকসকল একত্ৰিত হৈ এই আইন তিনিখন বাতিলৰ দাবীত ধাৰাবাহিক আন্দোলন চলাই আহিছিল । অৱশেষত সেই আন্দোলনৰ ওচৰত হাৰ মানি চৰকাৰে তিনিওখন কৃষি আইনেই বাতিল কৰিবলৈ সিদ্ধান্ত লয় ।

লগতে পঢ়ক : Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.