বৰপেটাৰ হাউলীত 94 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন

By

Published : Nov 19, 2021, 12:46 PM IST

thumbnail

ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতো চৰকাৰী নীতি-নিৰ্দেশনা মানি ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ বৃহস্পতিবাৰৰ পৰা নামনি অসমৰ ভিতৰতে বিশেষভাৱে উল্লেখযোগ্য বৰপেটাৰ হাউলীত আৰম্ভ হৈছে 94 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ এইবেলি কৰ'ণা মহামাৰীয়ে কঢ়িয়াই অনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে অতি অনুষ্টুপীয়াভাৱে এই ৰাস মহোৎসৱ উদযাপন কৰা হৈছে ৷ এই ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰে বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷ ৰঙ-বিৰঙী আলোকসজ্জা, লানি-লানি মৃন্ময় মূৰ্তি আৰু লক্ষাধিক ভক্তৰ সমাগম ঘটা হাউলী ৰাসত এইবেলি নাই পূৰ্বৰ উচাহ ৷ তাৰ পৰিৱৰ্তে এইবেলি সম্পূৰ্ণ ধৰ্মীয় ৰীতি আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত ৰাস মহোৎসৱ উদযাপন কৰা হৈছে ৷ লগতে ৰাইজক ক'ভিড বিধি মানি চলিবলৈ জিলা প্ৰশাসনৰ লগতে উদযাপন সমিতিয়েও আহ্বান জনাইছে ৰাইজক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.