ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 8, 2021, 3:12 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

আৰক্ষী, প্ৰশাসনৰ উপস্থিতিত সোমবাৰে পুৱাৰে পৰা লামডিঙৰ সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চলত মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনীৰ ৪ টাকৈ কোম্পানী ৷

১১ নৱেম্বৰত শপত‌ ল'ব নৱ নিৰ্বাচিত পাঁচ বিধায়কে

11 নৱেম্বৰত শপত গ্ৰহণ কৰিব ৰাজ্যৰ নৱ নিৰ্বাচিত পাঁচ বিধায়কে ৷ বিধায়কসকলক নিয়ম অনুসাৰে শপতবাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷

উপ নিৰ্বাচনৰ ফলাফল : উত্তৰ দিব লাগিব AICC ক

কংগ্ৰেছ হাইকমাণ্ডে উপ নিৰ্বাচনৰ পৰাজয়ৰ কাৰণ বিচাৰিলে APCC ৰ পৰা ৷ ইতিমধ্য়ে এইক্ষেত্ৰত উত্তৰ বিচাৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ তত্বাৱধায়ক, সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক নিৰ্দেশ প্ৰদান কৰিছে ৷

ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে নতুন দিল্লীত প্ৰদান কৰে এইবছৰৰ পদ্ম বঁটা ৷ ১১৯ গৰাকী বিশেষ ক্ষেত্ৰৰ বিশেষ ব্যক্তিক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ এই বঁটাৰ তালিকাত ৭ টা পদ্ম বিভূষণ, ১০ টা পদ্মভূষণ আৰু ১০২ টা পদ্মশ্ৰী বঁটা আছে ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে পদ্মভূষণ বঁটা ৷

অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ : তহিলং কৰিলে 30 বিঘা ভূমিৰ চাহ বাগিচা

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত থকা বৰছিলা চাহ বাগিচাত নগা দুৰ্বৃত্তৰ তাণ্ডৱ ৷ কাটি তহিলং কৰিলে 30 বিঘা ভূমিত থকা চাহগছ ৷ আতংকিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷

অৰুণাচলৰ পাচিঘাটৰ চিয়াং নৈৰ কাষত পৰ্যটন প্ৰকল্প উদ্বোধন

অৰুণাচল প্ৰদেশৰ সৌন্দৰ্যৰ ৰাণী তথা পৰ্যটনৰ অন্যতম আকৰ্ষণৰ থলী পাচিঘাটৰ চিয়াং নৈৰ কাষৰ ৰানাঘাটত এটা নতুন পৰ্যটন প্ৰকল্প উদ্বোধন কৰে পাচিঘাট পূৱ সমষ্টিৰ বিধায়ক কালিং ময়ঙে ৷ এই প্ৰকল্পটোত ফট’গ্ৰাফী পইণ্ট, স্বয়ংসেৱী কফি গৃহ, আধুনিক সুবিধাযুক্ত শৌচাগাৰ, পাৰ্ক, আৰ চি চি পথ, ট্ৰেকিং পথ আদি উন্নত মানেৰে নিৰ্মাণ কৰা হ'ব ৷

ত্ৰিপুৰাত স্বৰ্নিম বিজয় শিখাক বিপুল আদৰণি

1971 চনৰ যুদ্ধত ভাৰতীয় সেনাই যি সাহসিকতা আৰু অসামান্য পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিজয় সাব্যস্ত কৰিছিল, সেই বিজয় ভৱিষ্যত প্ৰজন্মৰ বাবে চিৰকাললৈ অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব । পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত আৰম্ভ কৰা এই স্বৰ্নিম বিজয় শিখা সম্প্ৰতি দেশৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে ।

টোলগেটক লৈ অসন্তুষ্ট ভৱানীপুৰবাসী

ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ৰ গলিয়াৰ টোলগেট(Tollgate) নিৰ্মাণৰ কাম সমাপ্ত ৷ এতিয়াৰে পৰা বিজনী, গলিয়া আৰু মদনপুৰত তিনিবাৰকৈ ভৰিব লাগিব টোল টেক্স(Toll Tax) ৷ অসন্তুষ্টি প্ৰকাশ সমষ্টিবাসীৰ ৷

ভেজাল ঔষধ বিক্ৰী কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী দুজন

নগাঁও জিলাৰ কচুৱাত ভেজাল ঔষধ(Adulterated Medicines) বিক্ৰী কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল দুজন লোক ৷ কচুৱাৰ এখন ফাৰ্মাচীত বিক্ৰী কৰিবলৈ নিছিল প্ৰায় 12 হাজাৰ টকাৰ সন্দেহজনক ঔষধ । ফাৰ্মাচিষ্টজনৰ সন্দেহ হোৱাত ঔষধবোৰ মিলাই চোৱাতহে ফাদিল হয় প্ৰকৃত ৰহস্য ৷

সামৰণি পৰিল কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহৰ

দুদিনীয়া কাৰ্যসূচীৰে ভৱানীপুৰত সম্পন্ন হ’ল অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহ ৷ সমাৰোহখনিত ৰাইজৰ অভূতপূৰ্ব ভিৰ হোৱা দেখা যায় ৷ দেওবাৰে সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে যৎপৰোনাস্তি চেষ্টা চলাব বুলি প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.