ETV Bharat / city

১১ নৱেম্বৰত শপত‌ ল'ব নৱ নিৰ্বাচিত পাঁচ বিধায়কে

author img

By

Published : Nov 8, 2021, 1:33 PM IST

11 নৱেম্বৰত শপত গ্ৰহণ কৰিব ৰাজ্যৰ নৱ নিৰ্বাচিত পাঁচ বিধায়কে ৷ বিধায়কসকলক নিয়ম অনুসাৰে শপতবাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷

five-new-mla-to-take-oath-in-november-11
১১ নৱেম্বৰত শপত‌ ল'ব নৱ নিৰ্বাচিত পাঁচ বিধায়কে

গুৱাহাটী, 8 নৱেম্বৰ : বিগত 2 নৱেম্বৰত ঘোষণা কৰা হৈছিল ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ৷ ৰাজ্যৰ পাঁচটা সমষ্টিতে আধিপত্য বিস্তাৰ কৰিছিল গেৰুৱা দল বিজেপিয়ে ৷ ফলাফল ঘোষণাৰ প্ৰায় এসপ্তাহ উকলিল ৷ এতিয়া নৱ নিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব লাগিব ৷ সেয়েহে ইয়াক উদ্দেশ্যি 11 নৱেম্বৰত অনুষ্ঠিত কৰা হ'ব শপত গ্ৰহণ অনুষ্ঠান ৷

উক্ত দিনা দিনৰ 11 বজাত বিধানসভাৰ মজিয়াত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপ নিৰ্বাচনত বিজয়ী হোৱা পাঁচোগৰাকী নৱ নিৰ্বাচিত বিধায়কক শপতবাক্য পাঠ কৰোৱাব ৷

ইতিমধ্যে মৰিয়নী সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মী, থাওৰাৰ পৰা সুশান্ত বৰগোঁহাই, ভৱানীপুৰৰ পৰা ফণী তালুকদাৰ, গোঁসাইগাঁৱৰ পৰা জিৰণ বসুমতাৰী আৰু তামুলপুৰ সমষ্টিৰ পৰা জলেন দৈমাৰীয়ে সদ্যসমাপ্ত উপ নিৰ্বাচনত জয়ী হৈ আহিছে ৷

তাৎপৰ্যপূৰ্ণভাৱে, নৱ নিৰ্বাচিত এই পাঁচ বিধায়কৰ তিনি গৰাকীয়েই মাত্ৰ ছমাহ আগতে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল । এই তিনি বিধায়ক হৈছে ক্ৰমে ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই আৰু ফণী তালুকদাৰ । কিন্তু পূৰ্বৰ দল ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ বাবে পুনৰ উপ নিৰ্বাচনত তিনিও প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হৈ আহে ৷ এই তিনি বিধায়কৰ কেৱল আসন আৰু পৰিচয়হে সলনি হ'ব । আনহাতে, জলেন দৈমাৰী আৰু জিৰণ বসুমতাৰীয়ে প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷

উল্লেখ্য যে, বিগত 30 অক্টোবৰত মৰিয়নী, থাওৰা, ভৱানীপুৰ, গোঁসাইগাঁও, তামুলপুৰ এই পাঁচটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক : ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.