ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ : তহিলং কৰিলে 30 বিঘা ভূমিৰ চাহ বাগিচা

author img

By

Published : Nov 8, 2021, 12:07 PM IST

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত থকা বৰছিলা চাহ বাগিচাত নগা দুৰ্বৃত্তৰ তাণ্ডৱ ৷ কাটি তহিলং কৰিলে 30 বিঘা ভূমিত থকা চাহগছ ৷ আতংকিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷

অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ
অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ

আমগুৰি, 8 নৱেম্বৰ : অসমৰ ভিন্ন প্ৰান্তৰ সীমান্তত অব্যাহত আছে নগা দুৰ্বৃত্তৰ আগ্ৰাসন ৷ সময়ে সময়ে এনে দুৰ্বৃত্ত আহি অসমৰ ভূমি দখল কৰিবলৈ চেষ্টা চলোৱাৰ উপৰিও স্থানীয় লোকৰ ওপৰত কৰা অত্যাচাৰৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে অসম চৰকাৰে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ কিন্তু তাৰপিছতো সমাধান হোৱা নাই এই প্ৰসংগত উদ্ভৱ হোৱা সমস্যাসমূহৰ ৷

চৰকাৰৰ হস্তক্ষেপ দাবী

পুনৰ এবাৰ সীমান্তবাসীৰ ওপৰত চলোৱা নগা দুৰ্বৃত্তৰ উপদ্ৰৱৰ কথা পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৰ বৰছিলাত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচা কাটি তহিলং কৰিছে নগা দুৰ্বৃত্তই ৷ মাথো বাগিচা উছনতে ক্ষান্ত নাথাকি পাতঘৰো জ্বলাই দিয়ে ৷ প্ৰায় 30 বিঘা ভূমিত থকা চাহ বাগানসমূহ এনেদৰে দুৰ্বৃত্তই বিনষ্ট কৰাত যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ লগতে একপ্ৰকাৰ প্ৰাণৰ সংশয়ত ভূগিছে চাহ খেতিয়কসকল ৷

হালোৱাটিং থানাৰ অন্তৰ্গত বৰছিলা বাগিচাত সংঘটিত এনে কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে ৷ ইতিমধ্যে এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত হালোৱাটিং আৰু গেলেকী আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰিদৰ্শন কৰে ৷

দুৰ্বৃত্তই তহিলং কৰিলে 30 বিঘা ভূমিৰ চাহ বাগিচা

উল্লেখ্য যে, অসমৰ ভূমিত থকা বৰছিলা চাহ বাগিচাৰ সমীপৰ অসম-নাগালেণ্ড সীমান্তত থকা অন্যান্য ক্ষুদ্ৰ বাগিচাসমূহ নগা দুৰ্বৃত্তই প্ৰায়ে তেওঁলোকৰ বুলি দাবী উত্থাপন কৰি আহিছে ৷ তদুপৰি এই দাবী অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে মানি নোলোৱাৰ বাবেই সময়ে সময়ে এনেদৰে সন্মুখীন হৈ আহিছে নগা দুৰ্বৃত্তৰ অত্যাচাৰৰ ৷

আনহাতে, অসম-নাগালেণ্ড সীমান্তৰ সুৰক্ষাৰ বাবে হালোৱাটিঙৰ সীমান্ত নিৰাপত্তাৰক্ষী চকীৰ নিৰ্মাণতো একাংশ নগালোকে বাধা প্ৰদান কৰিছিল ৷ যাৰ বাবে আজিও অঞ্চলটোত সীমান্ত নিৰাপত্তা চকী নিৰ্মাণ কৰিব পৰা নাই অসম চৰকাৰে ৷ চৰকাৰৰ লগতে বন বিভাগ এইক্ষেত্ৰত সমানে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰিছে সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলে ৷

মূলতঃ অসম আৰক্ষী আৰু বন বিভাগৰ সোপাঢিলা নীতিৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহত নগাৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে ৷ অঞ্চলটোত সংঘটিত হোৱা এনে অবিবেচকী কাণ্ডৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী উত্থাপন কৰি বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

লগতে চাওক: ৰঙিয়া তটাৰকুছিত বৰলীয়া নৈত জাহ গ’ল ২০ টা পৰিয়ালৰ মাটি-ভেটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.