ETV Bharat / state

ধুবুৰীত পৰিছে ৰেমলৰ প্ৰভাৱ: দক্ষিণ শালমাৰা-মানকাচৰত বিশেষ সতৰ্কতামূলক ব্যৱস্থা প্ৰশাসনৰ - CYCLONE REMAL

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 6:55 PM IST

Cyclone Remal: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পৰিছে ঘূর্ণীবতাহ ৰেমলৰ প্ৰভাৱ । দেওবাৰৰ সন্ধিয়াৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ লগতে বতাহ বলিছে ৷ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে ৰেমলৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা । বন্ধ কৰা হৈছে নদীপথৰ যাত্ৰা ৷

Cyclone Remal
ধুবুৰীত পৰিছে ৰেমলৰ প্ৰভাৱ (ETV BHARAT ASSAM)

ধুবুৰী, ২৭ মে’: অসমতো পৰিছে ঘূর্ণীবতাহ 'ৰেমল'ৰ প্ৰভাৱ । ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে ৰেমলৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যেই ধুবুৰীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত ফেৰী সেৱাৰ লগতে অন্যান্য নদী পথৰ যাত্ৰা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে বিভাগীয় বিষয়াই ।

ধুবুৰীত পৰিছে ৰেমলৰ প্ৰভাৱ (ETV BHARAT ASSAM)

সোম আৰু মঙলবাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ওপৰত ব্যাপক বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে । ৰেমলৰ প্ৰভাৱত ইতিমধ্যে দেওবাৰৰ সন্ধিয়াৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে ৷ বৰ্তমানেও বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ লগতে বতাহ বৈছে ৷ ইফালে ধুবুৰীৰ মাজেৰে বাংলাদেশলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ পানীত সৃষ্টি হৈছে ভয়ংকৰ ঢৌ ।

ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে সতৰ্কতা জাৰি কৰাৰ লগতে প্ৰত্যেকগৰাকী ব্যক্তিক বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰত নাথাকিবলৈ আহ্বান জনাইছে ।

Cyclone Remal
ধুবুৰীত পৰিছে ৰেমলৰ প্ৰভাৱ (ETV BHARAT ASSAM)

বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে, দক্ষিণ অসম আৰু মেঘালয়ৰ ওপৰেৰে ঘণ্টাত ৪০-৫০ কিলোমিটাৰৰ পৰা ৬০ কিলোমিটাৰ বেগত ধুমুহা বতাহৰ সম্ভাৱনা আছে । সোমবাৰে পুৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ঘোষণা কৰে যে তেওঁলোকে ঘূৰ্ণীবতাহ ৰেমলৰ স্থলভাগৰ ওপৰত প্ৰভাৱৰ পিচৰ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ দুৰ্যোগ সঁহাৰি দল, জাহাজ, হ'ভাৰক্ৰাফ্ট ষ্টেণ্ডবাইৰ সৈতে নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।

ইপিনে, বাংলাদেশত দক্ষিণ-পশ্চিম উপকূলৰ নিম্নভূমি অঞ্চলৰ পৰা ৮ লাখৰো অধিক লোকক খালী কৰা হৈছে । বিষয়াসকলে জনোৱা মতে, পটুৱাখালিত জোৱাৰ-ভাটাই এজন লোকক উটুৱাই নিয়াৰ লগতে কেইবাজনো লোক আহত হয় । বাংলাদেশৰ উপকূলীয় জিলাসমূহ যিবোৰ বৰ্তমান ঘূৰ্ণীবতাহৰ ভাবুকিৰ সন্মুখীন হৈছে, সেইবোৰ হ'ল খুলনা, সাতখিৰা, বাগেৰহাট, পিৰোজপুৰ, ঝালাকাঠি, বৰগুনা, বৰিশাল, ভোলা, পতুৱাখালি, চট্টগং, কক্স বজাৰ, ফেনী, কোমিলা, নোয়াখালি, লক্ষ্মীপুৰ আৰু চান্দপুৰ ।

লগতে পঢ়ক: অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.