ETV Bharat / politics

বিহাৰত কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী ! - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 5:45 PM IST

Lok Sabha Election 2024: ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । গান্ধীয়ে বিহাৰত আৰ জে ডিৰ প্ৰাৰ্থী মিছা ভাৰতীৰ হৈ প্ৰচাৰ চলাই থকাৰ মাজতে অঘটন । ৰাহুল গান্ধীসহ কেইবাগৰাকী নেতা উঠাৰ লগে লগে খহি পৰিল মঞ্চ ।

Lok Sabha Election 2024
কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী (ETV Bharat)

নেশ্যনেল ডেস্ক,২৭ মে': অহা ১ জুনত দেশত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচন হ'বলগীয়া সমষ্টিবোৰত নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । তাৰ মাজতে বিহাৰত চাঞ্চল্যকৰ ঘটনা । ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । বিহাৰৰ পাটলিপুত্ৰত ৰাহুল গান্ধীৰ ৰেলীৰ সময়তে হঠাতে খহি পৰে মঞ্চ । সেই সময়ত মঞ্চখনত আন আন নেতাৰ সৈতে উপস্থিত আছিল ৰাহুল গান্ধী ।

কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী (ETV Bharat)

মঞ্চখন খহি পৰাৰ লগে লগে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ইণ্ডিয়া ব্লকৰ অংশীদাৰ আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতী ৰাহুল গান্ধীৰ সৈতে মঞ্চত উপস্থিত আছিল । তেওঁৰ সৈতে আন নেতা আৰু ৰাহুল গান্ধীৰ নিৰাপত্তাত নিয়োজিত দেহৰক্ষীসকলো আছিল ।

মঞ্চ খহি পৰা এটা ভিডিঅ' সম্প্ৰতি পোহৰলৈ আহিছে । ৰাহুল গান্ধীকে ধৰি একাংশ নেতা মঞ্চৰ সন্মুখলৈ অহাৰ লগে লগে হঠাতে মঞ্চখন খহি পৰিছিল । এই সময়ছোৱাত দেহৰক্ষীসকলে ৰাহুল গান্ধীক মঞ্চৰ পৰা নামি যাবলৈ আহ্বান জনাইছিল ৷ কিন্তু তেওঁ অস্বীকাৰ কৰিছিল আৰু মঞ্চৰ পৰা সভালৈ অহা লোকসকলক অভিবাদন জনাইছিল ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতীৰ সমৰ্থনত ৰেলী সম্বোধন কৰিবলৈ বিহাৰত উপস্থিত হৈছিল । এই সময়ছোৱাত তেওঁ পাটলিপুত্ৰ লোকসভা সমষ্টিৰ বহু স্থানত ৰেলী সম্বোধন কৰে আৰু মিছা ভাৰতীৰ সমৰ্থনত প্ৰচাৰ চলায় । ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে পাটনা চাহিব লোকসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী অংশুল অভিজিতৰ সমৰ্থনত প্ৰচাৰ চলায় ।

মঞ্চত ৰাহুল গান্ধীৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ভি আই পি প্ৰধান মুকেশ চাহনী, নেতা দীপংকৰ ভট্টাচাৰ্য, কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত মোহন প্ৰকাশ, ৰাজ্যিক সভাপতি অখিলেশ সিঙে মিছা ভাৰতীৰ হৈ প্ৰচাৰ চলায় ।

উল্লেখ্য যে পাটনাৰ দুখন লোকসভা আসনত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ'ব । পাটলিপুত্ৰ আসনত মুখ্য প্ৰতিদ্বন্দ্বী হৈছে এন ডি এৰ প্ৰাৰ্থী ৰাম কৃপাল যাদৱ আৰু আৰ জে ডিৰ প্ৰাৰ্থী মিছা ভাৰতী । পাটনা চাহিবত, মুখ্য প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি প্ৰাৰ্থী ৰবি শংকৰ প্ৰসাদ আৰু কংগ্ৰেছ প্ৰাৰ্থী অংশুল অভিজিতৰ মাজত ।

লগতে পঢ়ক :বিৰোধী শিবিৰে কিয় আশু-আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ ? - PM Modi Mujra Remark
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.