ETV Bharat / sports

চেম্পিয়ন নহ'লেও হায়দৰাবাদে গঢ়িলে এই অভিলেখ - IPL 2024 Records

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 5:46 PM IST

IPL 2024 Records: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত কেইবাটাও অভিলেখ গঢ়িলে খেলুৱৈ আৰু দলে । এই ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে কেইবাটাও লক্ষণীয় অভিলেখ গঢ়িছে । জানো আহক এইবছৰৰ অভিলেখসমূহ ।

IPL 2024 Records
চেম্পিয়ন নহ'লেও হায়দৰাবাদে গঢ়িলে এই অভিলেখ (IANS PHOTOS)

স্পৰ্টছ ডেস্ক,২৭ মে': ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৪ চনৰ ছিজনত কলকাতা নাইট ৰাইডাৰ্ছ চেম্পিয়ন হয় । আই পি এল ২০২৪ ৰ এই ছিজনটো বৃহৎ ধামাকা আছিল আৰু বহুতো তাৰকা খেলুৱৈয়ে আশ্চৰ্যজনক প্ৰদৰ্শন দেখুৱাইছিল আৰু তেওঁলোকে ছিজনটোত অভিলেখ গঢ়িছে । আইপিএল ২০২৪ত হোৱা অভিলেখসমূহ কি আছিল ।

আইপিএল ২০২৪ত কৰা অভিলেখসমূহ

আইপিএল ফাইনেলত সৰ্বনিম্ন স্ক'ৰ- হায়দৰাবাদ আৰু কলকাতাৰ মাজত অনুষ্ঠিত আইপিএল ২০২৪ ৰ ফাইনেলত এতিয়ালৈকে ইতিহাসৰ সৰ্বনিম্ন স্ক'ৰ দেখা গৈছে । ফাইনেলত এছআৰএইচয়ে মুঠ ১১৩ ৰাণ সংগ্ৰহ কৰিছিল । পূৰ্বে এই অভিলেখ চেন্নাই চুপাৰ কিংছৰ নামত আছিল । আইপিএল ২০১৩ৰ ফাইনেলত চিএছকেয়ে ১২৫ ৰাণ কৰিছিল ।

আইপিএল ফাইনেলত দ্ৰুততম ৰাণ চেজ- কেকেআৰয়ে এছআৰএইচৰ বিৰুদ্ধে আইপিএল ২০২৪ ৰ ফাইনেলত দ্ৰুততম ৰাণ চেজ কৰে । কলকাতাই ২ টা উইকেট হেৰুৱাই ১০.৩ অভাৰতে টাৰ্গেট সম্পূৰ্ণ কৰে । ইয়াৰ পূৰ্বে, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আইপিএল ২০২২ৰ ফাইনেলত গুজৰাট টাইটানছে ১৮.১ অভাৰত ৩ টা উইকেট হেৰুৱাই দ্ৰুততম ৰাণ চেজ কৰিবলৈ সক্ষম হৈছিল ।

আইপিএলৰ দশম শতক অৰ্জন কৰা বেটছমেন- গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলে আইপিএল ২০২৪ ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত ১০০ টা শতক অৰ্জন কৰা খেলুৱৈ হিচাপে অভিলেখ গঢ়ে । গিলে আই পি এল ২০২৪ ৰ ৫৯ নম্বৰ খেলত চিএছকেৰ বিৰুদ্ধে ১০৪ ৰাণৰ শতক অৰ্জন কৰে ।

আইপিএলৰ এটা ছিজনত সৰ্বাধিক শতক- ২০২৪ বৰ্ষটো আইপিএলৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ আছিল । য'ত সৰ্বাধিক ১৪ টা শতক অৰ্জন কৰা দেখা গৈছে । ইয়াৰ পূৰ্বে ২০২৩ চনত ১২ টা শতক আছিল ।

আইপিএলৰ আটাইতকৈ বৃহৎ স্ক'ৰ কৰা দল- ছানৰাইজাৰ্ছ হায়দৰাবাদে আইপিএল ২০২৪ ত আৰচিবিৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত সৰ্বাধিক মুঠ ৰাণ সংগ্ৰহ কৰিছিল । দলটোৱে আৰচিবিৰ বিৰুদ্ধে ২৮৭ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ২৭৭ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে আইপিএলৰ সৰ্বাধিক স্ক'ৰ আছিল আৰচিবিৰ নামত । দলটোৱে ২৬৩ ৰাণ সংগ্ৰহ কৰিছিল ।

আইপিএলৰ আটাইতকৈ বৃহৎ ৰাণ চেজ- পাঞ্জাব কিংছে এই ছিজনত আইপিএলৰ ইতিহাসত আটাইতকৈ বৃহৎ ৰাণ চেজ কৰে । ছিজনটোৰ ৪২ নম্বৰ খেলখনত পাঞ্জাবে কেকেআৰৰ বিৰুদ্ধে ২৬২ ৰাণৰ টাৰ্গেট সম্পূৰ্ণ কৰে ।

আইপিএলৰ এখন খেলত সৰ্বাধিক ছিক্সাৰ- এই ছিজনত পাঞ্জাব আৰু কেকেআৰৰ মাজত অনুষ্ঠিত হোৱা ৪২ নম্বৰ খেলখনত মুঠ ৪২ টা ছিক্সাৰ কোবাইছিল । কেকেআৰয়ে ১৮ টা আৰু পাঞ্জাব কিংছৰ বেটছমেনসকলে ২৪ টা ছিক্সাৰ কোবাইছিল ।

আইপিএলৰ এখন খেলত সৰ্বাধিক চাৰি- আইপিএল ২০২৪ত হায়দৰাবাদ আৰু বেংগালুৰুৰ মাজত খেলা ৩০ নম্বৰ খেলখনতমুঠ ৮১ টা চাৰি কোবাইছিল বেটছমেনসকলে । এইখন মেচত আইপিএল ইতিহাসৰ সৰ্বাধিক চাৰি কোবাইছিল । ইয়াৰ পূৰ্বে ২০১০ চনত চিএছকে আৰু ৰাজস্থানৰ মাজৰ খেলখনত মুঠ ৬৯ টা চাৰি কোবাইছিল বেটছমেনসকলে ।

টি-২০ ক্ৰিকেটত পাৱাৰ প্লেত বৃহৎ স্ক'ৰ- আইপিএল ২০২৪ত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৬ অভাৰৰ পাৱাৰ প্লেত ১২৫ ৰাণ সংগ্ৰহ কৰিছিল । এয়া টি-২০ ক্ৰিকেটৰ পাৱাৰ প্লেত কৰা আটাইতকৈ বৃহৎ স্ক'ৰ আছিল । ইয়াৰ পূৰ্বে, আৰচিবিয়ে আইপিএলৰ ২০১৭ ছিজনত পাৱাৰ প্লেত ১০৫ ৰাণ সংগ্ৰহ কৰিছিল ।

হায়দৰাবাদৰ অভিলেখ- এই ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদে এক বৃহৎ অভিলেখ গঢ়িছিল আৰু ৫ অভাৰত টি-২০ ক্ৰিকেটত ১০০ ৰাণ সংগ্ৰহ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছিল । আইপিএল ২০১৪ত চেন্নাইয়ে পাঞ্জাবৰ বিৰুদ্ধে ৬ অভাৰত ১০০ ৰাণ সংগ্ৰহ কৰিছিল ।

আইপিএলত ১০ অভাৰত সৰ্বাধিক স্ক'ৰ- আইপিএল ২০২৪ত হায়দৰাবাদে ১০ অভাৰত ১৫৮ ৰাণ সংগ্ৰহ কৰে । যি প্ৰথম ১০ অভাৰত আইপিএলৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ । ইয়াৰ পূৰ্বে দিল্লীয়ে ১০ অভাৰত ১৩৮ ৰাণ সংগ্ৰহ কৰিছিল ।

এই ছিজনত বিৰাট কোহলীয়ে ৭৪১ ৰাণৰ সৈতে অ'ৰেঞ্জ কেপৰ বঁটা লাভ কৰে আনহাতে ২৪ টা উইকেটৰ সৈতে হৰ্ষল পেটেলে পাৰ্পল কেপৰ বঁটা লাভ কৰে ।

লগতে পঢ়ক :বিৰাট কোহলীৰ নামত আই পি এলৰ অৰেঞ্জ কেপৰ খিতাপ - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.