ভেজাল ঔষধ বিক্ৰী কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী দুজন

By

Published : Nov 8, 2021, 12:30 PM IST

thumbnail

নগাঁও জিলাৰ কচুৱাত ভেজাল ঔষধ(Adulterated Medicines) বিক্ৰী কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল দুজন লোক ৷ কচুৱাৰ এখন ফাৰ্মাচীত বিক্ৰী কৰিবলৈ নিছিল প্ৰায় 12 হাজাৰ টকাৰ সন্দেহজনক ঔষধ । ফাৰ্মাচিষ্টজনৰ সন্দেহ হোৱাত ঔষধবোৰ মিলাই চোৱাতহে ফাদিল হয় প্ৰকৃত ৰহস্য ৷ ফাৰ্মাচিষ্টজনে নগাঁও জিলা ফাৰ্মাচিষ্ট এচোছিয়েশ্বন(Nagaon District Pharmasist Association)ক খবৰ দিয়াত সভাপতিগৰাকী উপস্থিত হৈ আৰক্ষীৰ সহযোগত ঔষধসহ লোক দুজনক আটক কৰে । জিলা ফাৰ্মাচিষ্ট এচোছিয়েশ্বনে ধনঞ্জয় সৰকাৰসহ আন এজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কচুৱা আৰক্ষী চকী(Kachua Outpost)ত ৷ ইতিমধ্যে ভেজাল ঔষধ বিক্ৰী কৰিবলৈএই দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.