কাছাৰত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ তিনি মিজো সৰবৰাহকাৰী - DRUGS SEIZED

🎬 Watch Now: Feature Video

thumbnail
কাছাৰত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ তিনি মিজো সৰবৰাহকাৰী (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 14, 2024 at 1:20 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 14 জুন : ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে । ধলাইৰ সপ্তগ্ৰামত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ আটক কৰা হৈছে তিনি মিজো সৰবৰাহকাৰীক । বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত ধলাই আৰক্ষীৰ এটা দলে শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ ধলাই সপ্তগ্ৰামত মিজোৰামৰ পৰা অহা এখন স্কুটীত তলাচি চলাই কেইবাটাও প্লাষ্টিকৰ পেকেটৰ পৰা প্ৰায় 21 হাজাৰ য়াবা টেবলেট জব্দ কৰে ।

লগতে আৰক্ষীয়ে আটক কৰে মহিলাসহ তিনি মিজোৰামৰ সৰবৰাহকাৰীক । জব্দ হোৱা টেবলেটখিনিৰ চোৰাং বজাৰৰ আনুমানিক মূল্য 6 কোটি টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ।

জানিব পৰা মতে, এই বৃহৎ পৰিমাণৰ য়াবা টেবলেটখিনি মিজোৰাম পৰা লৈ অনা হৈছিল ৷ তাৰ পিচতে কাছাৰৰ মাজেদি বহিঃৰাজ্যলৈ টেবলেটখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল বুলি জানিবলৈ দিয়ে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ।

লগতে পঢ়ক: দলগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ গঁড় চিকাৰী