সাত বছৰীয়া নাবালিকাৰ ধৰ্ষণ তথা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে - HOJAI RAPE INCIDENT - HOJAI RAPE INCIDENT

🎬 Watch Now: Feature Video

thumbnail
নাবালিকা ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : June 14, 2024 at 2:29 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 14 জুন : হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ সাত বছৰীয়া নাবালিকা ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ২০২১ চনৰ ২০ ফ্ৰেব্ৰুৱাৰীত হোজাইৰ যোগীজানৰ বৰহলা গাঁৱৰ এখন বিয়ালৈ অহা এগৰাকী সাত বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰি পথাৰত পেলাই থৈ গৈছিল জয়প্ৰকাশ হালুৱা নামৰ এজন ব্যক্তিয়ে ৷

পৰৱৰ্তী সময়ত নিৰ্যাতিতাৰ পিতৃয়ে ঘটনা সন্দৰ্ভত হোজাই থানাত ৰুজু কৰিছিল এক গোচৰ ৷ আৰক্ষীয়ে POCSO আইনৰ অধীনত ১০৯/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তক ৷ উক্ত ঘটনা সন্দৰ্ভত হোজাইৰ শংকৰদেৱ নগৰ আদালতত চলি আছিল বিচাৰ প্ৰক্ৰিয়া ৷

শুকুৰবাৰে প্ৰায় তিনি বছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৬/৩০২ আৰু ৬ POCSO আইনৰ অধীনত অভিযুক্ত জয়প্ৰকাশ হালুৱাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰাৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমনা বিহে ৷ উল্লেখ্য যে, নিৰ্যাতিতাৰ হৈ চৰকাৰী অধিবক্তা লক্ষণ দাসে আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল ৷

লগতে পঢ়ক: মহিলাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাত জড়িতক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বাঘজান - Woman Rape And Murder

প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা... - MINOR GIRL raped and murdered

নিশা ঘৰত প্ৰৱেশ কৰি সেনা জোৱানৰ পত্নীক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ - Ranchi gang rape

ABOUT THE AUTHOR

...view details