ETV Bharat / state

লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Nov 8, 2021, 2:08 PM IST

Updated : Nov 8, 2021, 2:36 PM IST

লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান
লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

আৰক্ষী, প্ৰশাসনৰ উপস্থিতিত সোমবাৰে পুৱাৰে পৰা লামডিঙৰ সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চলত মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনীৰ ৪ টাকৈ কোম্পানী ৷

নগাঁও, 8 নৱেম্বৰ : বিগত কিছুদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল দৰঙৰ গৰুখুঁটিত ৷ উক্ত উচ্ছেদৰ সময়তে ঘটিছিল অবাঞ্চিত পৰিস্থিতিৰ ৷ গৰুখুঁটিৰ পিছতে সোমবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে হোজাইৰ লামডিং বনাঞ্চলত ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে ৷

লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

ইতিমধ্যে সোমবাৰে পুৱাৰে পৰা হাতী-বুলড'জাৰ লৈ লামডিঙৰ বনাঞ্চলত প্ৰৱেশ কৰিছে প্ৰশাসনে ৷ পুৱাৰে পৰা চলাই যোৱা হৈছে উচ্ছেদ অভিযান ৷ প্ৰশাসনে প্ৰথম পৰ্যায়ত কমৰপানী এলেকাত চলায় উচ্ছেদ ৷ দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰি ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষীৰ বিশাল বাহিনী, অৰ্ধ সামৰিক বাহিনীৰ ৪ টাকৈ কোম্পানী ৷

লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অঞ্চলকেইটাৰ প্ৰায় সংখ্যক বেদখলকাৰীয়ে আশ্ৰয় গ্ৰহণ কৰিছে অস্থায়ী শিবিৰত ৷ জিলা প্ৰশাসনে বৰ্তমানেও উচ্ছেদ কাৰ্য চলি থকা স্থানত অৱস্থান কৰা লোকসকলক সেই স্থান পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে চাওক: ১১ নৱেম্বৰত শপত‌ ল'ব নৱ নিৰ্বাচিত পাঁচ বিধায়কে

Last Updated :Nov 8, 2021, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.