ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Aug 30, 2021, 3:00 PM IST

TOP 10 AT 3PM
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

1. কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ৰাজ্যবাসীৰ বাবে সাময়িকভাৱে হ’লেও আহিছে আশাৰ বতৰা ৷ ৰাজ্যৰ দুয়োটা কাগজ কল নিলামত স্থগিতাদেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷

2. কলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

সমগ্ৰ ৰাজ্যতে সম্প্ৰতি বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উজনি-নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷

3. গাঁওবুঢ়াসকলক ম’বাইল ফোন বিতৰণ বিটিআৰ প্ৰধানৰ

বাক্সা জিলাৰ জালাহস্থিত বি বি কিষাণ মহাবিদ্যালয়ত শনিবাৰে মুছলপুৰ জিলা ইউপিপিএল সমিতিৰ উদ্যোগত চাপাগুৰি বিধানসভা সমষ্টিৰ বাক্সা আৰু জালাহ ৰাজহ চক্ৰৰ গাঁওবুঢ়াসকলৰ মাজত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ম’বাইল ফোন বিতৰণ কৰে ।

4. বলুকা শিল্পৰে দেশবাসীলৈ জন্মাষ্টমীৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

ওড়িশাৰ পুৰী(Puri)ৰ সমুদ্ৰতীৰত বালিৰে শ্ৰীকৃষ্ণৰ প্ৰতিমা সজাই তুলিছে বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে(Sudarsan Pattnaik) । বালিত ভগৱান শ্ৰীকৃষ্ণ(Shri Krishna)ক অংকন কৰি দেশবাসীলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমী(Janmashtami)ৰ শুভেচ্ছা জনালে শিল্পীগৰাকীয়ে । বালিত নিখুঁতভাৱে অংকন কৰিছে শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি ।

5. ভৱানীপুৰ ৰাজীৱ ভৱনত উপস্থিত জাকিৰ হুছেইন শিকদাৰ

ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমন প্ৰায় নিশ্চিত হোৱাৰ পিছত এতিয়া সঘনাই সলনি হৈছে সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ সাজু হৈছে বিৰোধী দল কংগ্ৰেছো ৷ দেওবাৰে ভৱানীপুৰস্থিত ৰাজীৱ ভৱনত উপস্থিত হয় সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হুছেইন শিকদাৰ ।

6. পেটৰ ভাতমুঠি মোকলাবলৈ এতিয়া চৰকাৰেই একমাত্ৰ ভৰসা

সমাগত শাৰদীয় দুৰ্গা পূজা(Durga Puja) ৷ কিন্তু দুৰ্গোৎসৱক লৈ চৰকাৰে নতুন ক’ভিড নীতি-নিৰ্দেশনা(SOP) জাৰি নকৰাৰ ফলত বিপাঙত পৰিছে মৃৎ শিল্পীসকল(Pottery Artist) ৷ চৰকাৰী নিৰ্দেশনা অবিহনে নিৰ্মাণ কৰিব পৰা নাই দুৰ্গা মাৰ মৃণ্ময় মূৰ্তি ৷ এই সন্দৰ্ভত গটঙাৰ মৃৎ শিল্পীসকলে কি কয়, জানো আহক...

7. নিচামুক্ত অসম গঢ়াৰ উদ্দেশ্যেৰে অসম আৰক্ষী জোৱানৰ অভিনৱ পদক্ষেপ

নিচামুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীয়ে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ এনে সময়তে দুজন আৰক্ষী বিষয়াই জনগণৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

8. SDRF ৰ নাৱেৰে বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

টীয়কৰ জাঁজীমুখত বান পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত প্ৰায় 30 টা পৰিয়ালক বান সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ(Jogen Mohan) ৷ তেওঁ জনোৱা মতে, ৰাজ্যৰ বানাক্ৰান্তসকলৰ মাজত ইতিমধ্যে তিনিদিনৰ বাবে চাউল, দাইল প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

9. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবী

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে বন্ধ কৰাৰ দাবীত ৰাজ্যত অব্যাহত আছে ৷ নিৰ্মীয়মান এই বান্ধটোৱে পানী বহন কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ ফলত বান্ধৰ ওপৰেদি বাগৰি অহা পানীয়ে লখিমপুৰৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ধ্বংসযজ্ঞৰ সূচনা কৰিছে ।

10. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰাণত চাইকেল ৰেলী

কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি 29 আগষ্টৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.