ETV Bharat / state

পেটৰ ভাতমুঠি মোকলাবলৈ এতিয়া চৰকাৰেই একমাত্ৰ ভৰসা

author img

By

Published : Aug 30, 2021, 2:06 PM IST

Updated : Aug 31, 2021, 5:46 PM IST

সমাগত শাৰদীয় দুৰ্গা পূজা(Durga Puja) ৷ কিন্তু দুৰ্গোৎসৱক লৈ চৰকাৰে নতুন ক’ভিড নীতি-নিৰ্দেশনা(SOP) জাৰি নকৰাৰ ফলত বিপাঙত পৰিছে মৃৎ শিল্পীসকল(Pottery Artist) ৷ চৰকাৰী নিৰ্দেশনা অবিহনে নিৰ্মাণ কৰিব পৰা নাই দুৰ্গা মাৰ মৃণ্ময় মূৰ্তি ৷ এই সন্দৰ্ভত গটঙাৰ মৃৎ শিল্পীসকলে কি কয়, জানো আহক...

pottery
মৃৎশিল্পীৰ সমস্য়া

চামগুৰি, 30 আগষ্ট : বানৰ বিভীষিকা হ্ৰাস পোৱাৰ লগে লগে নিয়ৰৰ দলিচা গচকি ধৰালৈ আগমন ঘটিব ঋতুৰাণী শৰতৰ ৷ শৰত বুলিলেই আমাৰ মনত পৰে দুৰ্গা পূজাৰ(Durga Puja) কথা ৷ শাৰদী ৰাণীৰ আগমনৰ লগে লগে আমাৰ মন-প্ৰাণ হৈ পৰে অতিকৈ ব্যাকুল ৷ কিদৰে মা দুৰ্গাক আদৰা হ’ব, তাক লৈ সকলো ব্যস্ত হৈ পৰে ৷

পেটৰ ভাতমুঠি মোকলাবলৈ এতিয়া চৰকাৰেই একমাত্ৰ ভৰসা

এইবেলিৰ শাৰদীয় দুৰ্গা পূজালৈও মাজত মাত্ৰ ডেৰটা মাহ বাকী ৷ প্ৰতিবছৰে দুৰ্গা পূজাৰ একমাত্ৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে মা দুৰ্গাৰ মৃণ্ময় মূৰ্তিসমূহ । দুৰ্গা মাৰ মৃণ্ময় প্ৰতিমাখনি সাজি উলিয়াবলৈ মৃৎ শিল্পীসকলক(Pottery Artist) প্ৰয়োজন হয় প্ৰায় 2-3 মাহৰ ৷ কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ(Covid)ৰ সংহাৰী ৰূপ ৷

ইয়াকে লৈ পুনৰবাৰ চিন্তিত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ তেওঁলোকৰ চিন্তা- এইবাৰ ৰাজ্যবাসীয়ে পাতিব পাৰিবনে দুৰ্গা পূজা ? কিয়নো বিগত বৰ্ষৰ দৰে এইবাৰো পূজাৰ বাবে মৃণ্ময় মূৰ্তিসমূহ তৈয়াৰ কৰিব পৰা নাই মৃৎ শিল্পীসকলে ৷ চামগুৰিৰ গটঙাস্থিত তিনিখনকৈ প্ৰসিদ্ধ মূৰ্তিকাৰ প্ৰতিষ্ঠানৰ মৃৎ শিল্পসকলৰ মাজতো বিৰাজ কৰিছে চৰম অনিশ্চয়তাই ।

লগতে পঢ়ক: আৰ্থিক দৈন্যতাই কন্দুৱাইছে ৰিল লাইফৰ ‘চুৰেণ’ক...

সমাগত দুৰ্গোৎসৱক লৈ চৰকাৰে নতুন ক’ভিড নীতি-নিৰ্দেশনা(SOP) জাৰি নকৰাৰ বাবে মূৰ্তি নিৰ্মাণত অসুবিধাৰ সন্মুখীন হৈছে এইসকল মৃৎ শিল্পী ৷ মৃৎ শিল্পীসকলৰ ভাষ্য অনুসৰি- কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পূৰ্বে দুৰ্গা পূজা আৰম্ভ হোৱাৰ 4-5 মাহ আগৰ পৰাই মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছিল তিনিওখন প্ৰতিষ্ঠানৰ মৃৎ শিল্পীসকল ৷

কিন্তু ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে মাত্ৰ এখন বা দুখন মূৰ্তি সাজিয়েই ক্ষান্ত থাকিবলগীয়া হৈছে শিল্পীসকল ৷ কোনোবা এখন প্ৰতিষ্ঠানৰ মৃৎ শিল্পীয়ে আকৌ দুৰ্গা মাৰ মূৰ্তি নিৰ্মাণ নকৰাকৈয়ে বহি ৰৈছে অনিশ্চয়তাৰ মাজত ৷ তেওঁলোকৰ মনত এটাই শংকা- ক’ভিড পৰিস্থিতিৰ বাবে প্ৰশাসনে যদি পূজা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে, তেন্তে বিক্ৰী নোহোৱা দেৱীৰ মূৰ্তিসমূহে বৃহৎ লোকচানৰ মাজলৈ ঠেলি দিব মৃৎ শিল্পীসকলক ৷

সেয়েহে উপায়হীন হৈ চৰকাৰলৈ কাতৰ আহ্বান গটঙাৰ এইসকল মৃৎ শিল্পীৰ- ‘দুৰ্গা পূজাৰ পূৰ্বেই জাৰি চৰকাৰে জাৰি কৰক ক’ভিডৰ নতুন নিৰ্দেশনা’ ৷ কিয়নো পৰ্যাপ্ত পৰিমাণে মা-দুৰ্গাৰ মৃণ্ময় মূৰ্তি সাজি তথা বিক্ৰী কৰি নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ যেন সক্ষম হয় চামগুৰিৰ প্ৰতিগৰাকী মৃৎ শিল্পীয়ে ।

লগতে পঢ়ক: এইবাৰ দুৰ্গা পূজা হ’বনে ? উৎসাহ হেৰুৱাইছে কৰিমগঞ্জৰ মৃৎ শিল্পী সকলে...

Last Updated :Aug 31, 2021, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.