এইবাৰ দুৰ্গা পূজা হ’বনে ? উৎসাহ হেৰুৱাইছে কৰিমগঞ্জৰ মৃৎ শিল্পী সকলে...

By

Published : Aug 9, 2021, 7:34 PM IST

Updated : Aug 9, 2021, 7:44 PM IST

thumbnail

দুৰ্গা পূজালৈ মাজত আৰু দুটা মাহ বাকী । প্ৰতিমা নিৰ্মাণৰ বাবে ব্যস্ত হৈ পৰিছে কৰিমগঞ্জৰ মৃৎ শিল্পী সকল ৷ কিন্তু আজি পৰ্যন্ত এটাও অৰ্ডাৰ পোৱা নাই তেওঁলোকে । 24 আহিন 11 অক্টোবৰত শুক্লা পঞ্চমীত দেৱী দুৰ্গা পূজাৰ আৰম্ভণি । এইবাৰ দেৱী দুৰ্গাৰ ঘোৰাত আগমণ হ’ব আৰু দোলাত গমন হ’ব ৷ কৰিমগঞ্জৰ পৰা 40 কিলোমিটাৰ দূৰৈত অৱস্থিত এখন পিছপৰা গাঁও দত্তপুৰ ৷ এই গাঁৱৰ মানহে সুদীৰ্ঘ 50 বছৰ ধৰি মৃৎ শিল্পীৰ কাম কৰি আছে ৷ তেওঁলোকৰ এটাই জীৱিকা নিৰ্বাহৰ পথ ৷ আজি পৰ্যন্ত গাঁওখনৰ সকলো মহিলা পুৰুষ লৰা ছোৱালী এই মাটিৰ কাম কৰি গৈছে । দত্তপুৰ আৰু বদৰপুৰৰ গাঁৱৰ মাটিৰ বাচন, চাকি শিলচৰ, কৰিমগঞ্জ, ডিমা হাচাও, ত্ৰিপুৰালৈ ৰপ্তানি হয় ৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা ক'ভিড মহামাৰীৰ বাবে ব্যৱসায়ত জটিলতা আহিছে তেওঁলোকৰ । পূজা সমূহ ধুম ধামেৰে অনুষ্টিত নোহোৱাৰ বাবে হ্ৰাস পাইছে প্ৰতিমাৰ চাহিদা । ফলত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে এই শিল্পীসকল । কোনো নেতা মন্ত্ৰী তথা পঞ্চায়ত প্ৰতিনিধিয়ে এবাৰো খবৰ লোৱা নাই তেওঁলোকৰ । ইটিভি ভাৰতক এই কথা জনাইছে তেওঁলোকে । ক’ৰণাৰ সময়ত বহুতো কষ্টৰ মাজেৰে পাৰ হৈ বৰ্তমান কিছু সঁহাৰি পাইছে যদিও অন্য বছৰৰ তুলনাত অৰ্ডাৰ সমূহ কমকৈ আহিছে ।

Last Updated : Aug 9, 2021, 7:44 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.