গাঁওবুঢ়াসকলক ম’বাইল ফোন বিতৰণ বিটিআৰ প্ৰধানৰ

author img

By

Published : Aug 30, 2021, 1:54 PM IST

mobile distribution at baska

বাক্সা জিলাৰ জালাহস্থিত বি বি কিষাণ মহাবিদ্যালয়ত শনিবাৰে মুছলপুৰ জিলা ইউপিপিএল সমিতিৰ উদ্যোগত চাপাগুৰি বিধানসভা সমষ্টিৰ বাক্সা আৰু জালাহ ৰাজহ চক্ৰৰ গাঁওবুঢ়াসকলৰ মাজত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ম’বাইল ফোন বিতৰণ কৰে ।

বাক্সা, 30 আগষ্ট : বিটিআৰত খালী হৈ থকা গাঁওবুঢ়াৰ পদসমূহত নিযুক্তি দিয়াৰ বাবে অসম চৰকাৰৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে শনিবাৰে বাক্সাত এক কাৰ্যসূচীত অংশ লৈ প্ৰকাশ কৰে এই কথা ৷

mobile distribution at baska
গাঁওবুঢ়াসকলক ম’বাইল ফোন বিতৰণ বিটিআৰ প্ৰধানৰ

বাক্সা জিলাৰ জালাহস্থিত বি বি কিষাণ মহাবিদ্যালয়ত শনিবাৰে মুছলপুৰ জিলা ইউপিপিএল সমিতিৰ উদ্যোগত চাপাগুৰি বিধানসভা সমষ্টিৰ বাক্সা আৰু জালাহ ৰাজহ চক্ৰৰ গাঁওবুঢ়াসকলৰ মাজত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ম’বাইল ফোন বিতৰণ কৰে । ৰাজ্যৰ হস্ততাঁত বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰা সভাত বড়োৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

mobile distribution at baska
সভাত উপস্থিত ইউ জি ব্ৰহ্ম

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ম’বাইল ফোন বিতৰণৰ অন্তত সাংবাদিকৰ আগত কয় যে, গাঁওবুঢ়াসকলক গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিৰ ৰেজিষ্ট্ৰেচন ৰাখি গাঁওসমূহক অপৰাধ মুক্ত কৰাৰ প্ৰয়াসেৰে এই ম’বাইল ফোন বিতৰণ কৰা হৈছে । ইয়াৰ জৰিয়তে গাঁওবুঢ়াসকলে বহিঃৰাজ্যত কাম কৰিব যোৱাসকলৰো তথ্য ৰাখিব পাৰিব । তেওঁ লগতে বিটিআৰৰ প্ৰতিখন গাঁৱত নেটৱর্ক পোৱাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়াৰ কথা জানিবলৈ দিয়ে ।

বাক্সাত গাঁওবুঢ়াসকলক ম’বাইল ফোন বিতৰণ বিটিআৰ প্ৰধানৰ

আনহাতে, উপ নিৰ্বাচনৰ কথা উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্য বড়োৱে কয় যে, উপ নিৰ্বাচনৰ বাবে ইউপিপিএল দলৰ মাজতো কুজ-কাৱাজ চলিছে । দলৰ মাজত ইতিমধ্যে নিৰ্বাচনৰ কাম-কাজ চলি আছে । লগতে মিত্ৰজোঁট বিজেপিৰ সৈতে উপ নিৰ্বাচনৰ কাম-কাজ চলাই থকাৰ কথা তেওঁ জানিবলৈ দিয়ে ।

তেওঁ লগতে বিটিআৰৰ প্ৰতিটো সমষ্টিতে মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি দাবী কৰে । ম’বাইল বিতৰণ অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : হাতত স্মাৰ্টফোন লৈ হকে-বিহকে প্ৰশ্ন কৰা মানে সাংবাদিকতা নুবুজায় : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.