ETV Bharat / state

SDRF ৰ নাৱেৰে বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Aug 30, 2021, 2:23 PM IST

টীয়কৰ জাঁজীমুখত বান পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত প্ৰায় 30 টা পৰিয়ালক বান সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ(Jogen Mohan) ৷ তেওঁ জনোৱা মতে, ৰাজ্যৰ বানাক্ৰান্তসকলৰ মাজত ইতিমধ্যে তিনিদিনৰ বাবে চাউল, দাইল প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

minister-jogen-mahan-visited-to-flood-affected-areas-of-jajimukh
SDRFৰ নাৱেৰে বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

টীয়ক, 30 আগষ্ট : বানে বিধ্বস্ত কৰা টীয়কৰ জাঁজীমুখত উপস্থিত হৈ শনিবাৰে বিয়লি ভাগত বান পৰিস্থিতি পৰিদৰ্শন কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মহনে(Jogen Mohan) ৷ এছডিআৰএফৰ(SDRF) নাৱত উঠি বানাক্ৰান্তৰ মাজত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে ৷

টীয়কৰ জপং গাঁও, শগুনপাৰা, ওপৰ শগুনপাৰাকে ধৰি বানত আক্ৰান্ত বহুকেইখন গাঁৱৰ বান পৰিস্থিতি বুজ লৈ সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনৰ অন্তত মন্ত্ৰী মহনে কয় যে, জাঁজীমুখৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত প্ৰায় 30 টা পৰিয়ালক বান সাহায্য প্ৰদান কৰা হ’ব ৷

SDRFৰ নাৱেৰে বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

লগতে পঢ়ক: ভদীয়া বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আনহাতে, বানে প্লাবিত কৰা শস্যৰ ক্ষতিপূৰণ, পশুধনৰ খাদ্য সামগ্ৰী আদি যোগান ধৰিবলৈও সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশনা জাৰি কৰে মন্ত্ৰী বৰাই । ৰাজ্যৰ বানাক্ৰান্তসকলৰ মাজত চৰকাৰে ইতিমধ্যে তিনিদিনৰ বাবে চাউল, দাইল প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

অনাগত সময়ত বানৰ তাণ্ডৱ কম নহ’লে পৰ্যায়ক্ৰমে পুনৰ বান সাহায্যৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । বান পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ সদস্য দেৱজিত বৰুৱা, জিলা বিজেপিৰ সভাপতিকে প্ৰমুখ্য কৰি কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা ৷

বান পৰিস্থিতিৰ বুজ লৈ প্ৰতিটো মুহুৰ্ততে ৰাইজৰ সেৱাৰ্থে তেওঁলোক সাজু আছে বুলি আশ্বাস প্ৰদান কৰে নেতাসকলে ।

লগতে পঢ়ক: বানৰ কৱলত পৰা অঞ্চল পৰিদৰ্শন বিধায়ক মৃনাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.