ETV Bharat / city

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰাণত চাইকেল ৰেলী

author img

By

Published : Aug 30, 2021, 2:18 PM IST

কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি 29 আগষ্টৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ।

Cycle rally for National Sports Day
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰাণত চাইকেল ৰেলী

মৰাণ, 30 আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি মৰাণত মাৰোৱাৰী যুৱ মঞ্চ মৰাণ শাখাৰ উদ্যোগত উলিওৱা হয় বৃহৎ চাইকেল ৰেলী ।

Cycle rally for National Sports Day
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰাণত চাইকেল ৰেলী

মৰাণ চহৰৰ বাৱৰ্চি ৰেষ্টুৰেণ্টৰ পৰা উলিওৱা এই চাইকেল ৰেলী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ খটখটী, অইল ইণ্ডিয়া, পেটুৱা দলং হৈ পুনৰ মৰাণত সামৰণি পৰে । উক্ত চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে মৰাণ ৰাজহ চক্ৰৰ এ এল আৰ এছ পাপৰি বৰগোঁহায়ে ।

Cycle rally for National Sports Day
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰাণত চাইকেল ৰেলী

আনহাতে চাইকেল ৰেলীত মৰাণৰ প্ৰায় শতাধিক যুৱক-যুৱতী তথা পুৰুষ-মহিলাই অংশ লোৱা পৰিলক্ষিত হয় । উল্লেখ্য যে, প্ৰতিবছৰে 29 আগষ্টত দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (National Sports Day) পালন কৰা হয় । ৰাষ্ট্ৰীয় ক্ৰীড়া দলসমূহক আৰু পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই এই দিনটো পালন কৰা হয় ।

Cycle rally for National Sports Day
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰাণত চাইকেল ৰেলী

লগতে পঢ়ক : মহানগৰীত পালন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.