ETV Bharat / state

মহানগৰীত পালন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

author img

By

Published : Aug 30, 2021, 11:22 AM IST

National Sports Day
বাজেটত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ধাৰ্য কৰা পুঁজি সন্দৰ্ভত প্ৰাৰ্থনা হাজৰিকাৰ মন্তব্য

বাজেটত অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে ধাৰ্য কৰা পুঁজি পৰ্যাপ্ত নোহোৱাৰ বাবে অনুশীলনৰ সময়ত প্ৰয়োজনীয় সা-সুবিধাৰ পৰা খেলুৱৈসকল বঞ্চিত হ'বলগীয়া হয় । পৰ্যাপ্ত পুঁজিৰ যোগান ধৰি প্ৰতিভাৱান খেলুৱৈক আগবাঢ়ি যোৱাত সহায় কৰিবলৈ চৰকাৰক আহ্বান জনালে বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকাই ।

গুৱাহাটী, ৩০ আগষ্ট : অসমৰ খেলুৱৈসকলে অনুশীলনৰ বাবে পৰ্যাপ্ত সা-সুবিধা লাভ নকৰাৰ বিষয়টো প্ৰায়েই আলোচ্য বিষয় হৈ আহিছে । বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে পুঁজিৰ পৰিমাণ কম হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । দেওবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰা ক্ৰীড়া দিৱসৰ অনুষ্ঠানত অংশ লৈ বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকাই এনে কেতবোৰ বিষয়ৰ ওপৰত মতামত আগবঢ়ায় ।

অনুষ্ঠানৰ অন্তত ই টিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰাৰ্থনা হাজৰিকাই কয় যে, ক্ৰীড়াৰ ক্ষেত্ৰৰ বাবে সদায় বাজেটত কম পৰিমাণে পুঁজি ধাৰ্য কৰা হয় । স্পনছৰ(sponsor) নাথাকে । এনেবোৰ প্ৰত্যাহ্বানকো নেওচি অসমৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে তেওঁ কয় যে, তেওঁ অনুভৱ কৰে যে, ক্ৰীড়া ক্ষেত্ৰত বাজেট বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে আৰু এইক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব লাগিব । স্পনছৰসকল যদি আগুৱাই আহি সহযোগিতা আগবঢ়াই তেন্তে, অসমৰ প্ৰতিভাৱান খেলুৱৈসকলে লক্ষ্যৰ দিশে আগবঢ়ি যোৱাত সহায়ক হ'ব ।

এনে পদক্ষেপ গ্ৰহণ কৰিলে ২০২৮ৰ অলিম্পিকত অসমৰ পৰা বহু কেইগৰাকী খেলুৱৈয়ে অংশ লোৱাৰ সুযোগ পাব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ কয় যে, খেলুৱৈসকলক সহযোগ আৰু আৰ্থিক সহায়ৰ প্ৰয়োজন ।

চৰকাৰ, প্ৰশাসন, বিভিন্ন সন্থাসমূহ আগুৱাই আহি খেলুৱৈসকলক সহযোগ কৰিব লাগিব । তেতিয়াহে খেলুৱৈসকলে নিজৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰি পিছ পৰি ৰোৱাৰ পৰিৱৰ্তে নিজৰ খেলত অধিক মনোযোগ দিব পাৰিব আৰু নিশ্চিতভাৱে খেলত উৎকৃষ্ট প্ৰদৰ্শনে পদক লাভৰ পথ প্ৰশস্ত কৰিব ।

পদক লাভ কৰাৰ লগে লগে খেলুৱৈগৰাকীৰ লগতে ৰাজ্যখনৰো সুনাম হ'ব । বিশিষ্ট ক্ৰীড়া সাংবাদিকগৰাকীয়ে লগতে কয় যে, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা খেলুৱৈসকলক দেখি নতুন প্ৰজন্ম আগুৱাই আহিব বুলিও তেওঁ মত প্ৰকাশ কৰে ।

মেজৰ ধ্যানচান্দৰ ওপজা দিন উপলক্ষে দেওবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে সাংবাদিকগৰাকীয়ে । উল্লেখ্য যে, দেওবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত “টকিঅ’ অলিম্পিকৰ পৰ্যালোচনা, অলিম্পিকত অসমৰ খেলুৱৈৰ ভৱিষ্যৎ আৰু সম্ভাৱনা” শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকাৰ লগতে অসমৰ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য বৰুৱা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: শিমলাগুৰি আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.