বলুকা শিল্পৰে দেশবাসীলৈ জন্মাষ্টমীৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

By

Published : Aug 30, 2021, 12:48 PM IST

thumbnail

ওড়িশাৰ পুৰী(Puri)ৰ সমুদ্ৰতীৰত বালিৰে শ্ৰীকৃষ্ণৰ প্ৰতিমা সজাই তুলিছে বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে(Sudarsan Pattnaik) । বালিত ভগৱান শ্ৰীকৃষ্ণ(Shri Krishna)ক অংকন কৰি দেশবাসীলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমী(Janmashtami)ৰ শুভেচ্ছা জনালে শিল্পীগৰাকীয়ে । বালিত নিখুঁতভাৱে অংকন কৰিছে শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি । কাষতে আছে বালিৰে নিৰ্মাণ কৰা এটা মাখনৰ কলহ । সন্মুখত এজন লোকে সেৱা জনাই থকাও দেখুওৱা হৈছে । লোকজনৰ মুখত আছে এখন মাস্ক । ক'ভিড-১৯ মহামাৰীৰ পৰা সকলোকে ৰক্ষা কৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনোৱা হৈছে । প্ৰতীকী ৰূপত এইদৰে বালিত অংকন কৰিছে সুদৰ্শন পাটনায়কে । তেওঁ এই অনন্য কলাৰ জৰিয়তে দেশবাসীক শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছে । উল্লেখ্য যে, আজি সমগ্ৰ দেশতে হিন্দু ধৰ্মাৱলম্বী লোকসকলে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.