ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 18, 2022, 1:01 PM IST

Updated : Dec 18, 2022, 1:47 PM IST

Top 10 at 1 pm
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Constituency Delimitation : অসমত কিয় বন্ধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ?

এতিয়া সাম্ভাব্য নতুন সমষ্টিৰ সীমা, জনগাঁথনি, জনসংখ্যা, সংৰক্ষণ, নাম আদি কেনে হ'ব ? কি কি প্ৰভাৱ পৰিব তাক লৈ ব্যস্ত হৈ পৰিছে ৰাজনৈতিক-অৰাজনৈতিক সকলো স্তৰৰ লোক (Constituency rescheduling process in Assam) ৷ কিন্তু কিয় তদানীন্তন চৰকাৰে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ ? ইয়াৰ আঁৰৰ কাহিনীক্ৰম আছিল কি ?

FIFA World Cup 2022 : দ্বিতীয়বাৰৰ বাবে বিশ্বকাপত তৃতীয় স্থান লাভ ক্ৰোৱেছিয়াৰ

খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ক্ৰোৱেছিয়াই মৰক্কোক ২-১ গ'লত পৰাস্ত কৰে । বিশ্বকাপ ফুটবলৰ ৰানাৰ্ছ আপ ক্ৰোৱেছিয়াই তৃতীয় স্থানত থাকিবলৈ সক্ষম হয় (Croatia beats Morocco to take 3rd place)। মৰক্কোৰ প্ৰদৰ্শনত সন্তুষ্ট বিশ্ববাসী ।

India vs Bangladesh Test series 2022 : বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতৰ জয়

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতৰ জয় (India won first test against Bangladesh)। ১৮৮ ৰাণত পৰাস্ত ঘৰুৱা দলটো । দ্বিতীয়খন টেষ্ট ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ।

Former MLA dacoit case: প্ৰাক্তন বিধায়কৰ বাসগৃহত ডকাইতিকাণ্ডৰ লগত জড়িত তিনি ডকাইত আটক

প্ৰাক্তন বিধায়কৰ বাসগৃহৰ ডকাইতিত জড়িত তিনি কুখ্যাত ডকাইতক আটক কৰে নগাঁও আৰক্ষীয়ে (3 dacoits arrested in Nagaon)৷

Reserve close order to ASI: বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ

গেং অৱ ডেভিলচৰ ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ (Reserve close order to ASI Sunil Das)৷

Road accident at Basistha: নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট তলত বাগৰি পৰিল বাহন, এজন নিহত

মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ সমীপত শনিবাৰে বিয়লি প্ৰায় ৪.৪৫ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Basistha)৷ জানিব পৰা মতে AS-01 ET 9972 নম্বৰৰ নিচান বাহনখনে মন্দিৰৰ সমীপৰ পাহাৰীয়া পথেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট তলৰ বশিষ্ঠ নৈত বাগৰি পৰে (One death in road accident)৷

Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ

পুনৰ ৰেকৰ্ড সংখ্যক মূল্যত চাহপাত বিক্ৰী কৰিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) । প্ৰতিকেজি চাহৰ দাম হ'লগৈ ১,১৫,০০০ টকা । ক্ৰয় হায়দৰাবাদৰ নিলুফাৰ কেফেৰ ।

Barpeta Marriage Controversy: বৰপেটাৰ বিয়াখনক লৈ সৰৱ চৰ্চা, আত্মপক্ষ সমৰ্থন দুয়োটা পক্ষৰ

‘‘আমি ধনী ঘৰৰ মানুহ নহয়, বহু কষ্ট কৰি বিয়াখন পাতিছিলোঁ, তেওঁলোকে কইনাই কাপোৰযোৰ বেয়া পিন্ধিছে বুলি কৈছিল, গহনাও তেওঁলোকে বিচৰামতে নাছিল, তাৰ পিছতহে জোৰোণৰ বস্তুক লৈ কথাৰ কটাকটি হৈছিল দুয়োৰে মাজত ৷’’ বৰপেটাৰ বিয়াক লৈ অব্যাহত অভিযোগ প্ৰতি-অভিযোগ ৷

Bongaigaon suicide case: বঙাইগাঁৱত ৩০ বছৰীয়া যুৱকৰ আত্মহনন

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা পুৰান বজাৰত ৩০ বছৰীয়া এগৰাকী যুৱকে ঘৰৰ ওচৰতে এজোপা গছত ছিপ লৈ আত্মহত্যা কৰে(Youth commits suicide in Bongaigaon) । পৰিয়ালৰ লোকে জনোৱা অনুসৰি যুৱকজনে প্ৰায় দুই বছৰ ধৰি মানসিক ৰোগত ভুগি আছিল(Mysterious suicide case in Bongaigaon) । ৰাজ্যৰ বাহিৰতো চিকিৎসা কৰাইছিল যদিও কোনো সুফল নাপাই অৱশেষত যুৱকজনে চৰম পন্থা বাছি লয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । কিছুদিন পূৰ্বে বিবাহপাশতো আৱদ্ধ হৈছিল যুৱকজন । ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে । যুৱকজনৰ মৃত্যুত গাঁওখনত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে ।

Car theft gang arrested : পৌৰনিগমৰ কৰ্মচাৰীৰ বেশত গাড়ী চোৰ, আৰক্ষীৰ জালত ৩ কুখ্যাত চোৰ

মহানগৰী আৰক্ষীৰ জালত গাড়ী চুৰিৰ এটা বৃহৎ চক্ৰ (Car theft gang arrested) ৷ নুনমাটি আৰক্ষীয়ে মহানগৰীৰ ছয়মাইল আৰু দিছপুৰ অঞ্চলত অভিযান চলাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত ৩ টাকৈ গভাইত চোৰক গেপ্তাৰ কৰে । আৰক্ষীৰ জালত পৰা ধৃত চোৰকেইটা হৈছে ছয় মাইল অঞ্চলৰ ৱাহিদৰ ৰহমান(৩১) দাৰান্ধা অঞ্চলৰ ৰেজাউল আলী ওৰুফে বিতু (৩০) আৰু বিহাৰৰ কৈলেশ্বৰ পণ্ডিত । শেহতীয়াকৈ নাৰেঙ্গীৰ গণেশ মন্দিৰ সমীপৰ পৰা চুৰি কৰিছিল এখন মিনি বাছ ৷

Last Updated :Dec 18, 2022, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.