Bongaigaon suicide case: বঙাইগাঁৱত ৩০ বছৰীয়া যুৱকৰ আত্মহনন

By

Published : Dec 18, 2022, 7:57 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা পুৰান বজাৰত ৩০ বছৰীয়া এগৰাকী যুৱকে ঘৰৰ ওচৰতে এজোপা গছত ছিপ লৈ আত্মহত্যা কৰে(Youth commits suicide in Bongaigaon) । পৰিয়ালৰ লোকে জনোৱা অনুসৰি যুৱকজনে প্ৰায় দুই বছৰ ধৰি মানসিক ৰোগত ভুগি আছিল(Mysterious suicide case in Bongaigaon) । ৰাজ্যৰ বাহিৰতো চিকিৎসা কৰাইছিল যদিও কোনো সুফল নাপাই অৱশেষত যুৱকজনে চৰম পন্থা বাছি লয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । কিছুদিন পূৰ্বে বিবাহপাশতো আৱদ্ধ হৈছিল যুৱকজন । ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে । যুৱকজনৰ মৃত্যুত গাঁওখনত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.