ETV Bharat / sports

FIFA World Cup 2022 : দ্বিতীয়বাৰৰ বাবে বিশ্বকাপত তৃতীয় স্থান লাভ ক্ৰোৱেছিয়াৰ

author img

By

Published : Dec 18, 2022, 12:03 PM IST

FIFA World Cup 2022
বিশ্বকাপত তৃতীয় স্থান লাভ ক্ৰোৱেছিয়াৰ

খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ক্ৰোৱেছিয়াই মৰক্কোক ২-১ গ'লত পৰাস্ত কৰে । বিশ্বকাপ ফুটবলৰ ৰানাৰ্ছ আপ ক্ৰোৱেছিয়াই তৃতীয় স্থানত থাকিবলৈ সক্ষম হয় (Croatia beats Morocco to take 3rd place)। মৰক্কোৰ প্ৰদৰ্শনত সন্তুষ্ট বিশ্ববাসী ।

স্পৰ্টছ ডেস্ক,১৮ ডিচেম্বৰ : আজি ফিফা বিশ্বকাপৰ চূড়ান্ত খেল (FIFA World Cup 2022)। আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত হ'ব খিতাপ অৰ্জনৰ যুঁজ । বিশ্বকাপৰ ফাইনেলখন দেওবাৰে লুচাইল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব (France vs Argentina final)। ইফালে শনিবাৰে তৃতীয় স্থানৰ বাবে হোৱা গুৰুত্বপূৰ্ণ খেলখনত ক্ৰোৱেছিয়াই মৰক্কোক ২-১ গ'লত পৰাস্ত কৰে । যাৰ ফলত বিগত বিশ্বকাপ ফুটবলৰ ৰানাৰ্ছ আপ ক্ৰোৱেছিয়াই তৃতীয় স্থানত থাকিবলৈ সক্ষম হয় (Croatia beats Morocco to take 3rd place)।

খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত হাফ টাইমৰ কিছু সময় পূৰ্বে মিস্লাভ অৰ্চিকে নিৰ্ণায়ক গ'লটো কৰে আৰু লুকা মড্ৰিকৰ দলটোৱে জয়ৰ লক্ষ্যত উপনীত হয় । ইফালে ৩৭ বছৰীয়া লুকা মড্ৰিকৰ সম্ভৱত এইখনেই অন্তিম বিশ্বকাপৰ খেল (Luka Modric last match in World cup)। অৱশ্যে ২০২৪ চনৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপত তেওঁ দেশক নেতৃত্ব দিব পাৰে ।

তৃতীয় স্থানৰ বাবে হোৱা গুৰুত্বপূৰ্ণ খেলখনত ৭ মিনিটতে জস্কো গভাৰ্ডিওলে ক্ৰোৱেছিয়াৰ হৈ প্ৰথমটো গ'ল কৰিছিল । কিন্তু মৰক্কোৰ আক্ৰাফ দাৰীয়ে ৯ মিনিটত গ'ল কৰি দুয়োটা দলৰ স্ক'ৰ সমান কৰিছিল ।

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে ক্ৰোৱেছিয়াই তৃতীয় স্থান দখল কৰিছে । দলটোৱে ১৯৯৮ চনৰ প্ৰথম বিশ্বকাপতো এই কৃতিত্ব অৰ্জন কৰিছিল (Croatia in 1998 FIFA World Cup)। বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হোৱা প্ৰথম আফ্ৰিকান দল হিচাপে পৰিগণিত হোৱা মৰক্কোৱে একেৰাহে দুটা পৰাজয়ৰ অন্তত বিশ্বকাপৰ যাত্ৰা সমাপ্ত কৰে । কিন্তু কাটাৰত দলটোৰ সাফল্যই লক্ষণীয়ভাৱে আৰৱ ৰাষ্ট্ৰসমূহৰ মাজত গৌৰৱৰ চানেকী হৈ ৰ'ব ।

অৱশ্যে মৰক্কোৰ কেইবাগৰাকী প্ৰভাৱশালী খেলুৱৈ খেলখনত অংশগ্ৰহণ কৰা নাছিল । যাৰ অনুপস্থিতি অনুভৱ কৰিছিল দলটোৱে । বিশেষকৈ ডিফেণ্ডাৰ ৰোমেন চাইছ, নায়েফ আগুয়েৰ্ড আৰু নুছাইৰ মাজৰাউয়িৰ অনুপস্থিতি দলটোৱে বাৰুকৈয়ে অনুভৱ কৰিছিল । কিন্তু মৰক্কোৱে বিশ্বকাপৰ যি পৰ্যায়লৈ গৈছে তাক লৈ যথেষ্ট সুখী দেশখনৰ নাগৰিকসকল । তৃতীয় স্থানত থাকিব নোৱাৰিলেও প্ৰতিযোগিতাখনত দলটোৱে যিধৰণৰ উন্নত প্ৰদৰ্শন দেখুৱাইছে সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :FIFA World cup 2022 : তৃতীয় স্থানৰ বাবে আজি অৱৰ্তীণ হ’ব মৰক্কো-ক্ৰোৱেছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.