ETV Bharat / sports

FIFA World cup 2022 : তৃতীয় স্থানৰ বাবে আজি অৱৰ্তীণ হ’ব মৰক্কো-ক্ৰোৱেছিয়া

author img

By

Published : Dec 17, 2022, 2:05 PM IST

FIFA World cup 2022
তৃতীয় স্থানৰ বাবে আজি অৱৰ্তীণ হ’ব মৰক্কো-ক্ৰোৱেছিয়া

ফিফা বিশ্বকাপ ২০২২ত আজি তৃতীয় স্থানৰ বাবে মুখামুখি হ’ব মৰক্কো আৰু ক্ৰোৱেছিয়া । চলিত বিশ্বকাপত দুয়োটা দলৰ মাজত হোৱা প্ৰথমখন খেল ০-০ গ’লত অমীমাংসিতভাৱে সমাপ্ত হৈছিল ।

স্পৰ্টছ ডেস্ক,১৭ ডিচেম্বৰ : ফিফা বিশ্বকাপ ২০২২(FIFA World cup 2022) আজি নিশা ৮:৩০ বজাত ক্ৰোৱেছিয়া আৰু মৰক্কোৰ(মৰক্কো বনাম ক্ৰোৱেছিয়া) মাজত অনুষ্ঠিত হ’ব । এই বিশ্বকাপত দ্বিতীয়বাৰৰ বাবে মুখামুখি হ'ব দুয়োটা দল । প্ৰথমখন খেল ০-০ গ’লত অমীমাংসিতভাৱে সমাপ্ত হৈছিল । আজিৰ মেচখন জিকি দুয়োটা দলে বিশ্বকাপত তৃতীয় স্থান লাভ কৰিবলৈ চেষ্টা কৰিব(3rd place at World Cup) । ২০১৮ ৰ ৰাৰ্ণাছ আপ ক্ৰোৱেছিয়াই এইবাৰ ফাইনেলত উপনীত নোহোৱাৰ বাবে তৃতীয় স্থান লাভ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব ।

একে সময়তে, বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰা আফ্ৰিকান দল মৰক্কোৱেও তৃতীয় স্থান দখলৰ বাবে আজি সম্পূৰ্ণ প্ৰস্তুতিৰে অৱৰ্তীণ হোৱাটো স্বাভাৱিক ৷ বিশ্বকাপত দুয়োটা দলৰ খেলুৱৈয়ে শক্তিশালী খেল প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকে বিশ্বকাপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে অন্তিম-৪ ত ক্ৰোৱেছিয়া আৰ্জেণ্টিনাৰ হাতত ৩-০ গ'লত আৰু মৰক্কোৰ ফ্ৰান্সৰ হাতত ০-২ গ'লত পৰাস্ত হয়(Morocco Vs Croatia) ।

উল্লেখ্য যে, ফিফা ৰেংকিংত ক্ৰোৱেছিয়াৰ দল ১২ তম আৰু মৰক্কো ২২ তম স্থানত আছে । দুয়োটা দলৰ ডিফেঞ্চ শক্তিশালী । বিশ্বকাপত দুয়োটা দল মাত্ৰ এবাৰহে মুখামুখি হৈছিল আৰু খেলখন অমীমাংসিতভাৱে সমাপ্ত হৈছিল । মৰক্কো দলৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেললৈকে কোনেও এটাও গ'ল কৰিবলৈ সক্ষম হোৱা নাছিল । কানাডাই গ্ৰুপ মেচত মৰক্কোৰ বিৰুদ্ধে এটা গ'ল কৰিছিল । একে সময়তে, গ্ৰুপ ৰাউণ্ডত ক্ৰোৱেছিয়াৰ বিৰুদ্ধে তিনিটা গ'ল কৰা হৈছে, যাৰ ভিতৰত আছে কোৱাৰ্টাৰৰ পূৰ্বৰ আৰু কোৱাৰ্টাৰ ফাইনেল মেচখন ।

অন্তিমখন বিশ্বকাপ খেলা ক্ৰোৱেছিয়াৰ অধিনায়ক লুকা মড্ৰিকে এতিয়ালৈকে কোনো গ'ল কৰিবলৈ সক্ষম হোৱা নাই । আজি ক্ৰোৱেছিয়াৰ ওচৰত ২৪ বছৰৰ পিছত তৃতীয় স্থান লাভ কৰাৰ সুযোগ আহি পৰিছেহি । ১৯৯৮ চনত ক্ৰোৱেছিয়াই নেডাৰলেণ্ডক ২-১ গ'লত পৰাস্ত কৰি তৃতীয় স্থান লাভ কৰিছিল । একে সময়তে, মৰক্কো প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত উপনীত হৈছে আৰু বিশ্বকাপত তৃতীয় স্থান লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক : France squad struck by virus : ভাইৰাছৰ আক্ৰমণক লৈ উদ্বিগ্ন ফ্ৰান্স দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.