ETV Bharat / sports

France squad struck by virus : ভাইৰাছৰ আক্ৰমণক লৈ উদ্বিগ্ন ফ্ৰান্স দল !

author img

By

Published : Dec 17, 2022, 1:15 PM IST

France squad struck by virus
উদ্বিগ্ন ফ্ৰান্স দল

বিশ্বকাপ ফুটবলৰ ফাইনেললৈ মাজত মাত্ৰ এটা দিন বাকী (FIFA World Cup 2022 final)। আৰ্জেণ্টিনাৰ মুখামুখি হ'ব যোৱাবাৰৰ চেম্পিয়ন ফ্ৰান্স । কিন্তু তাৰ পূৰ্বে ফ্ৰান্সৰ কেইবাগৰাকী খেলুৱৈ ভাইৰাছৰ আক্ৰমণৰ ফলত অসুস্থ হৈ পৰিছে । ৰাফেল ভাৰ্ন আৰু ডিফেণ্ডাৰ ইব্ৰাহিমা কোনাটে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ।

স্পৰ্টছ ডেস্ক,১৭ ডিচেম্বৰ : বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বাবে সাজু বিশ্ববাসী (FIFA World Cup 2022 final)। অহা দেওবাৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ ২০২২ৰ ঐতিহাসিক ফাইনেলখন (France vs Argentina)। কিন্তু তাৰ প্ৰাকক্ষণত ফ্ৰান্সৰ অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ । ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সৰ চেণ্টাৰ-বেক যুটিয়ে খেলিব নোৱাৰিব গুৰুত্বপূৰ্ণ খেলখন । ফৰাচী খেলুৱৈ ৰাফেল ভাৰ্ন আৰু ডিফেণ্ডাৰ ইব্ৰাহিমা কোনাটে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে (Raphael Varane not playing FIFA final)।

সূত্ৰৰ মতে, ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত দুয়োজনে তেওঁলোকৰ নিজৰ নিজৰ কোঠাতে আবদ্ধ হৈ আছে । ভাৰ্ন আৰু কোনাটে ৫ গৰাকী ফৰাচী খেলুৱৈৰ ভিতৰত অন্যতম যিয়ে বিশ্বকাপৰ ফাইনেলৰ দুদিন পূৰ্বলৈ প্ৰশিক্ষণৰ প্ৰতিবেদন দিয়া নাই । দয়োত উপমেকানো, এড্ৰিয়েন ৰাবিটো আৰু কিংছলে কোমানো প্ৰথমতে অসুস্থ আছিল যাৰ বাবে শুকুৰবাৰে তেওঁলোক প্ৰশিক্ষণত উপস্থিত নাছিল ।

ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পছে দাবী কৰিছে যে দলটোৱে ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছে, তথাপিও খেলুৱৈসকল ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছে (France squad struck by virus)। তেওঁ লগতে কয় যে তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে খেলুৱৈসকল অসুস্থ হৈ পৰিছে । এয়াৰ কণ্ডিচনাৰবোৰ সকলো সময়তে চলি থাকে । যাৰ ফলস্বৰূপে ফ্লু-সদৃশ লক্ষণৰ কেইটামান ঘটনা পোহৰলৈ আহিছে বুলি তেওঁ উল্লেখ কৰে । প্ৰশিক্ষকগৰাকীয়ে জনোৱা মতে তেওঁলোক সাৱধান হ'বলৈ চেষ্টা কৰি আছো যাতে ই বিয়পি নপৰে ।

প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পছৰ মতে এড্ৰিয়েন ৰাবিটো আৰু দয়োত উপমেকানো এতিয়া সুস্থ হৈ উঠিছে । তেওঁলোকে দেওবাৰে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা আছে । ইফালে ফ্ৰান্সৰ তাৰকা খেলুৱৈ ক্ৰমে পল পোগবা, এন'গোলো কাণ্টে, কৰিম বেঞ্জেমা, প্ৰেছনেল কিমপেম্বে, লুকাস হাৰ্নান্দেজ আৰু ক্ৰিষ্টোফাৰ নাকুংকু আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে (France player injured in FIFA world cup)। ফুটবলাৰ ওচমান দেম্বেলে কৈছে যে দলটোৰ আন খেলুৱৈ সকললৈ ৰোগটো বিয়পোৱাৰ বিষয়ে চিন্তা কৰিবলগীয়া নাই ।

তেওঁ কয় যে তেওঁলোক ভাইৰাছটোক লৈ ভয় নকৰে, কিন্তু সাৱধানতা অৱলম্বন কৰি আছে । দয়োত আৰু এড্ৰিয়েনৰ পেটত সামান্য বিষ আছিল । কিন্তু তেওঁলোকক আদা আৰু মৌ চাহ দিয়া হৈছিল । তাৰ পাছত তেওঁলোক সুস্থ হৈছে । তেওঁ আশা কৰা মতে সকলোৱে ফাইনেলৰ বাবে সাজু হ'ব । ফ্ৰান্সৰ দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ জয়ী হ'বলৈ চেষ্টা কৰিব বুলি নিশ্চিত ।

লগতে পঢ়ক :Fifa World Cup 2022 : পৰ্তুগালৰ প্ৰশিক্ষক পদ ত্যাগ ফাৰ্ণাণ্ডো চেণ্টোছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.