ETV Bharat / state

মহানগৰীত উদযাপন 60 সংখ্যক শিক্ষক দিৱস

author img

By

Published : Sep 6, 2021, 12:41 PM IST

teachers day celebration
মহানগৰীত উদযাপন 60 সংখ্যক শিক্ষক দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে 60 সংখ্যক শিক্ষক দিৱস ।

গুৱাহাটী, 6 ছেপ্তেম্বৰ : প্ৰকৃত শিক্ষক হৈছে এগৰাকী যথাৰ্থ শিল্পী, ভাস্কৰ । শিল্পী, ভাস্কৰে যেনেদৰে এটি শিল্প কাৰ্যত বেয়াখিনি আঁতৰাই সুন্দৰ ৰূপত গঢ়ি তোলে, ঠিক তেনেদৰে এগৰাকী প্ৰকৃত শিক্ষকেও ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা নেতিবাচক দিশসমূহ উপদেশ, মৰমেৰে শুধৰাই মানুহৰূপে গঢ়ি তুলিব পাৰে ।

teachers day celebration
শিক্ষক দিৱস উদযাপন

দেওবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা প্ৰশাসন আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত আয়োজিত ৬০ তম শিক্ষক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ অমলেন্দু চক্ৰৱৰ্তীয়ে এইদৰে কয় ।

teachers day celebration
মহানগৰীত উদযাপন 60 সংখ্যক শিক্ষক দিৱস

কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ভাষণত কয় যে, সকলোৰে জীৱনত এগৰাকী শিক্ষকৰ ভূমিকা অপৰিসীম । সভাত জিলাখনৰ পৰা প্ৰকাশ কৰা শৈক্ষিক ই আলোচনী গুৰুবাৰ্তাৰ তৃতীয় সংখ্যাটি উপায়ুক্ত কাৰ্তিকে উন্মোচন কৰে ৷ লগতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ই স্মৰণিকা "ই কামৰূপিকা" উন্মোচন কৰে জিলা শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মানালী জৈনে ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বলাই ওজাক সম্বৰ্ধনা

সভাত শিক্ষয়িত্ৰী মানসী ডেকা আৰু কামৰূপ সমগ্ৰ শিক্ষাৰ বিষয়াসকলে সৰস্বতী বন্দনা পৰিবেশন কৰে । ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰম্ভ কৰা সভাত আদৰণি ভাষণ দিয়ে জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই ৷ দেওবাৰে অনুষ্ঠিত হোৱা এই সভাত গুৱাহাটী আই আই টিৰ অধ্যাপক কে ইউ সাৰাথিয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গুণীন্দ্ৰ দেৱ শৰ্মা, বকো মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ তপন দত্ত, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰবক্তা তৰণী হালৈ, জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: কলিয়াবৰত উদযাপন শিক্ষক দিৱস

বিয়লিৰ ভাগত জিলাখনৰ শিক্ষকসকলৰ মাজত ৰং-বিৰং শীৰ্ষক এক ভাৰ্চুৱেল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । ইপিনে সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘TRIKON FOR WORLD FOUNDATION’ ৰ উদ্যোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসমৰ ১২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক জ্ঞান জ্যোতি, জ্ঞান ৰত্ন শিক্ষা জ্যোতি আৰু শিক্ষা শিৰোমণি বঁটা প্ৰদান কৰা হয় ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নেপেডচ গ্ৰুপ অৱ ইনষ্টিটিউচনৰ অধ্যক্ষ ডাঃ প্ৰশান্ত বুঢ়াগোঁহাই ।

লগতে পঢ়ক: শিক্ষকসকলক প্ৰাপ্য দিবলৈ শিক্ষা বিভাগৰ সময়ৰ অভাৱ : শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.