শিক্ষকসকলক প্ৰাপ্য দিবলৈ শিক্ষা বিভাগৰ সময়ৰ অভাৱ : শংকৰজ্যোতি বৰুৱা

author img

By

Published : Sep 6, 2021, 7:09 AM IST

aasu gs sankor jyoti baruah visited to nalbari

দেওবাৰে নিশা নলবাৰীত উপস্থিত হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ(Education Minister) লগতে শিক্ষা বিভাগক সমালোচনা সদৌ অসম ছাত্ৰ সন্থাৰ(AASU) সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ(Sankor Jyoti Baruah) ৷ শিক্ষক দিৱসৰ দিনটোতো শিক্ষা বিভাগে সময়ৰ অভাৱত ৰাজ্যৰ শিক্ষকসকলক প্ৰাপ্যখিনি আদায় নকৰাৰ অভিযোগ তোলে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

নলবাৰী, 6 ছেপ্তেম্বৰ : শিক্ষক দিৱসৰ(Teachers' Day) পবিত্ৰ ক্ষণত সম্বৰ্ধনা জনোৱাৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ(Education Minister) লগতে শিক্ষা বিভাগৰ বিষয়াসকলৰ সময়ৰ নাটনি হোৱাতো অত্যন্ত দুৰ্ভাগ্যজনক ৷ দেওবাৰে নিশা নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ(AASU) সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই(Sankor Jyoti Baruah) ৷

aasu gs sankor jyoti baruah visited to nalbari
নলবাৰীত শংকৰজ্যোতি বৰুৱা

তেওঁ কয় যে, শিক্ষকসকলে গোটেই জীৱন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কষ্ট-সাধনাত ব্ৰতী থাকে ৷ কিন্তু ইয়াৰ বিনিময়ত শিক্ষা বিভাগৰ সময়ৰ অভাৱত যদি শিক্ষকসকলে এই পবিত্ৰ দিনটোত তেওঁলোকৰ প্ৰাপ্যখিনি লাভ নকৰে, তাৰ বাহিৰে দুৰ্ভাগ্যজনক কথা আৰু একো নাই ৷

aasu gs sankor jyoti baruah visited to nalbari
নলবাৰীত শংকৰজ্যোতি বৰুৱা

লগতে পঢ়ক: NHPC ৰ পৰা কি ক’লে শংকৰজ্যোতি বৰুৱাই ?

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে, অনাগত দিনত শিক্ষকসকলক এনেধৰণৰ কৰা অপমান উঠি অহা প্ৰজন্মৰ বাবে ভাল আদৰ্শ নহয় ৷ গতিকে শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ কৰ্তৃপক্ষক ভৱিষ্যতে এনে অপমান কৰাৰ পৰা আঁতৰি থকাৰ আহ্বান জনায় সম্পাদকগৰাকীয়ে ৷

নলবাৰীত শংকৰজ্যোতি বৰুৱাৰ মন্তব্য

আনহাতে, কাগজ কল(Paper Mill) সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰে ৷ ভৱিষ্যতে যাতে কাগজ কল পুনৰ উজ্জীৱিত কৰি কৰ্মচাৰীসকলৰ উচিত ক্ষতিপূৰণ দিয়াৰ লগতে নিবনুৱাসকলক কাগজ কলত কৰ্ম সংস্থাপন দিয়ে, তাৰ দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.