ETV Bharat / state

কলিয়াবৰত উদযাপন শিক্ষক দিৱস

author img

By

Published : Sep 6, 2021, 8:40 AM IST

কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ‍্যোগত উদযাপন শিক্ষক দিৱস ৷ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় শিক্ষক দিৱস ৷

Teacher's Day Celebration
কলিয়াবৰত উদযাপন শিক্ষক দিৱস

কলিয়াবৰ, 6 ছেপ্তেম্বৰ : শিক্ষক দিৱস ৷ বিশেষকৈ শিক্ষকসকলৰ কষ্ট আৰু ত্যাগ সুঁৱৰি উদযাপন কৰা হয় এই দিৱস ৷ দেশ তথা ৰাজ্যজুৰি দেওবাৰে পালন কৰা হ’ল শিক্ষক দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা শিক্ষক দিৱস ৷

Teacher's Day Celebration
আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন শিক্ষক দিৱস

উল্লেখ্য যে, মহান মনিষী, দাৰ্শনিক পণ্ডিত তথা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীতো ৰাজ্য তথা দেশবাসীয়ে উদযাপন কৰে শিক্ষক দিৱস ৷ কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ্যোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয় আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । দেওবাৰে পুৱা ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।

শিক্ষক দিৱস উদযাপন

লগতে পঢ়ক: শিক্ষক দিৱসৰ দিনাই চচলৰ প্ৰতিবাদস্থলীত শিক্ষকৰ কান্দোনৰ ৰোল

এই বৰ্ণাঢ্য অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মুঠ একৈশ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । শিক্ষক তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতি এই সভাত সভাপতিত্ব কৰে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ৷

Teacher's Day Celebration
কলিয়াবৰত উদযাপন শিক্ষক দিৱস

লগতে পঢ়ক: আমগুৰিত শিক্ষক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.