শিৱসাগৰত উদযাপন 60 সংখ্যক শিক্ষক দিৱস

By

Published : Sep 6, 2021, 11:04 AM IST

thumbnail

সমগ্ৰ দেশ তথা ৰাজ্যতে দেওবাৰে উদযাপন কৰা হয় 60 সংখ্যক শিক্ষক দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰত উদযাপন কৰা হয় শিক্ষক দিৱস ৷ শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ অনুষ্ঠানত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৩৪ গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি ‘‘council for teachers foundation’’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনে শিৱসাগৰ টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ স্বৰ্ণজ্যোতি বৰুৱাক ইন্দিৰা মিৰি শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰে । এই অনুষ্ঠানতে চাৰিখন স্মাৰক গ্ৰন্থ উন্মোচন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.