ঘৰে ঘৰে গৈ শিক্ষকক সম্বৰ্ধনা বৰক্ষেত্ৰী আছু আৰু AJYCP ৰ

author img

By

Published : Sep 6, 2021, 10:01 AM IST

teachers-day-celebrated-at-Nalbari

বিশিষ্ট শিক্ষাবিদ তথা ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো দেওবাৰে পালন কৰা হয় এই দিনটো ৷

নলবাৰী, 6 ছেপ্তেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো দেওবাৰে শিক্ষক দিৱস পালন কৰা হয় । বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ কৃতী শিক্ষকসকলক সম্বৰ্ধনা জনাই পালন কৰে শিক্ষক দিৱস ।

teachers-day-celebrated-at-Nalbari
মুকালমুৱাত ঘৰে ঘৰে গৈ শিক্ষকক সম্বৰ্ধনা বৰক্ষেত্ৰী আছু আৰু AJYCPৰ

বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ 22 গৰাকী কৃতী শিক্ষকৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায় ৷ ছাত্ৰ সংগঠনটোৱে একোখন মানপত্ৰ, গামোচা, কলমেৰে শিক্ষককেইগৰাকীক সম্বৰ্ধনা জনাই শিক্ষাগুৰুসকলৰ সু-স্বাস্থ্য কামনা কৰে । আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিখনে অঞ্চলটোৰ পাঁচগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনাই শিক্ষক দিৱস পালন কৰে ৷

মুকালমুৱাত ঘৰে ঘৰে গৈ শিক্ষকক সম্বৰ্ধনা বৰক্ষেত্ৰী আছু আৰু AJYCPৰ

উল্লেখ্য যে, বিনা বেতনে যিসকল শিক্ষকে তেওঁলোকৰ কৰ্মজীৱন ছাত্ৰ-ছাত্ৰীসকলৰ নামত উচৰ্গিত কৰিছে, সেইসকল শিক্ষকৰ মহান ত্যাগক স্মৰণ কৰি ছাত্ৰ সংগঠন দুটাই শিক্ষক দিৱসৰ দিনটো পালন কৰে ।

লগতে পঢ়ক : পূৱ মাজুলী ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষক দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.