ETV Bharat / state

Azadi Ka Amrit Mahotsav, ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে

author img

By

Published : Aug 12, 2022, 9:15 PM IST

Updated : Aug 13, 2022, 11:55 AM IST

স্বাধীনতা সংগ্ৰামীসকলৰ দৰে, ভাৰতৰ স্বাধীনতা আন্দোলন শক্তিশালী কৰাত কেইবাটাও স্মাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এনে এক অনন্য স্মাৰক হৈছে ভাৰত মাতা মন্দিৰ (Role of Bharat Mata mandir in Indias freedom struggle) ৷ য’ত আছে অবিভক্ত ভাৰতৰ এক মাৰ্বলৰ মানচিত্ৰ ৷ তথ্য অনুসৰি, আফগানিস্তান, বেলুচিস্তান, পাকিস্তান, বাংলাদেশ, বাৰ্মা আৰু সিংঘল (বৰ্তমান শ্ৰীলংকা)ক একেখন মানচিত্ৰত সামৰি লোৱা হৈছে । স্বাধীনতা দিৱসৰ এই প্ৰাক সন্ধিক্ষণত স্বাধীনতাৰ ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে আজিৰ এই বিশেষ প্ৰতিবেদন...

Azadi Ka Amrit Mahotsav
ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে

নিউজ ডেস্ক, ১২ আগষ্ট : চন ১৯৪৭, তাৰিখ ১৫ আগষ্ট ৷ এই বিশেষ দিনটোতে ইংৰাজ শাসনৰ পৰা মুক্ত হৈ ভাৰতে লাভ কৰিছিল স্বাধীনতা । ইতিমধ্যে দেশে সম্পূৰ্ণ কৰিলে স্বাধীনতাৰ ৭৫ বছৰ (75th Anniversary of Indian Independence)। এই শুভক্ষণত ভাৰতৰ গৌৰৱময় ইতিহাস পুনৰ ৰাইজক অৱগত কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে আজাদী কা অমৃত মহোৎসৱৰ ।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আমি স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো স্বাধীনতা সংগ্ৰামৰ সেইসকল অখ্যাত নায়ক আৰু স্বাধীনতা সংগ্ৰামীক । যি আজিও প্ৰতিজন ভাৰতীয়ৰ মানসপটত জিলিকি আছে ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ আন এক গুৰুত্বপূৰ্ণ স্মৃতি আজিও বিজৰিত হৈ আছে বাৰাণসীত (Role of Bharat Mata mandir in Indias freedom struggle )। সেয়া হৈছে ভাৰত মাতা মন্দিৰ ।

দেখিবলৈ ই এটা মন্দিৰৰ দৰেই যদিও ইয়াত প্ৰৱেশৰ পিছত আপুনি দেখা নাপাব কোনো প্ৰতিমা বা ভগৱানৰ ফটো । কাৰণ ইয়াৰ ভিতৰত আছে ১৯১৭ চনৰ অবিভক্ত ভাৰতৰ এক অদ্ভূত ৩D মানচিত্ৰ । ভাৰত মাতা মন্দিৰ, অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ ৷ ইয়াতে কাজাখস্তান, আফগানিস্তান, পাকিস্তানক অবিভক্ত ভাৰত হিচাপে দেখুওৱা গৈছে ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস

বাৰাণসীৰ এই মন্দিৰৰ নিৰ্মাণশৈলীও অতি আচৰিত ধৰণৰ । মন্দিৰ নিৰ্মাণ কৰা ৰঙা শিল, মাৰ্বল আদিয়ে মন্দিৰটোক আৰু বেছি আকৰ্ষিত কৰি তুলিছে । ১৯১৭ চনৰ পাচত এই মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈছিল । ১৯২৪ চনতে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এই মন্দিৰৰ । কিন্তু স্বাধীনতা আন্দোলন আৰু বেছি শক্তিশালী হোৱাৰ আশংকাত ব্ৰিটিছে মুকলি কৰি দিয়া নাছিল এই ভাৰত মাতা মন্দিৰ ।

অৱশ্যে ১২ বছৰ পাচত ১৯৩৬ চনত মহাত্মা গান্ধীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মন্দিৰটো । মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ চৌহদত অৱস্থিত এই মন্দিৰটো দেশপ্ৰেমী, জাতীয়তাবাদী পৰ্যটকসকলৰ এক অন্যতম কেন্দ্ৰবিন্দু । মন্দিৰত থকা কিছুমান ছবিয়ে স্বাধীনতা সংগ্ৰামৰ কাহিনীবোৰ পুনৰ জীৱিত কৰি তোলে ।

মহাত্মা গান্ধীকে ধৰি সেই সময়ৰ অন্যান্য মহান বিপ্লৱী যুঁজাৰুসকলৰ ফটো আছে মন্দিৰটোত । এইটোৱে হৈছে পৃথিৱীৰ একমাত্ৰ মন্দিৰ, য'ত অবিভক্ত ভাৰতক পূজা কৰা হয় । স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আছে এই ভাৰত মাতা মন্দিৰৰ । সংগ্ৰামীসকলৰ মাজত ভাৰত মাতাৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা নিৱেদন কৰাৰ হকে নিৰ্মাণ কৰা হৈছিল এই বিশেষ মন্দিৰটো ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

Last Updated :Aug 13, 2022, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.