ETV Bharat / bharat

Azadi ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী

author img

By

Published : Aug 10, 2022, 8:08 AM IST

Updated : Aug 10, 2022, 7:24 PM IST

Azadika Amrit Mahotshav
Azadika Amrit Mahotshav

স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ ক্ষণত আমি অসমৰে এগৰাকী মহিলাৰ বিষয়ে আলোকপাত কৰিব খুজিছোঁ ৷ তেওঁ হ’ল ড৹ সংযুক্তা পৰাশৰ (IPS Sanjukta Parashar) ৷ এইগৰাকী আই পি এছ বিষয়া এসময়ত অসমৰ উগ্ৰপন্থী সংগঠন সমূহৰ বাবে ত্ৰাসৰ কাৰণ আছিল ৷ হাতত AK-47 লৈ গভীৰ অৰণ্যত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি তেওঁ সমগ্ৰ দেশতেই পৰিচিত হৈ পৰিছিল ৷

নিউজ ডেস্ক, 10 আগষ্ট: ভাৰতবৰ্ষই এইবাৰ উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) ৷ ইংৰাজৰ কবলৰ পৰা ভাৰতৰ হেৰোৱা স্বাধীনতা ঘূৰাই অনাৰ ক্ষেত্ৰত পুৰুষৰ সমানে সমানে নামি পৰিছিল মহিলাও ৷ ঝান্সী ৰাণী লক্ষ্মীবাঈৰ পৰা আৰম্ভ কৰি অসমৰ কণিষ্ঠতম শ্বহীদ কনকলতা বৰুৱালৈকে ভাৰত ভূমিৰ বীৰাংগণাসকলে ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ তেজিছিল ৷ ইতিহাসৰ পাতত এইসকল বীৰাংগণাৰ নাম সোণালী আখৰে লিপিবদ্ধ হৈ আছে ৷

স্বাধীনোত্তৰ কালতো কিন্তু ভাৰতবৰ্ষত এনে একাংশ মহিলাই নিজৰ কৰ্মৰ জৰিয়তে সুকীয়া আসন দখল কৰা দেখিবলৈ পোৱা গৈছে ৷ ইন্দিৰা গান্ধী, কল্পনা চাওলা, কিৰণ বেদী, জয়া ললিতা, মমতা বেনাৰ্জী, লতা মংগেশকাৰ, মিথালীৰাজ, চানিয়া মিৰ্জা আদিক আজি দেশত সকলোৱেই চিনি পায় ৷ এইসকলৰ দৰে অসমতো আছে নিজৰ কৰ্মৰে বুৰঞ্জীৰ পৃষ্ঠা লিখা নাৰী ৷ চন্দ্ৰপ্ৰভা শইকীয়ানী, নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীবালা দেৱী, বীৰুবালা ৰাভা, প্ৰতিমা পাণ্ডে বৰুৱা, মামনি ৰয়ছম গোস্বামী আদি ৰাজ্যৰ নাৰী সমাজৰ বাবে আদৰ্শ স্বৰূপ ৷

স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ ক্ষণত আমি অসমৰে এগৰাকী মহিলাৰ বিষয়ে আলোকপাত কৰিব খুজিছোঁ ৷ তেওঁ হ’ল ড৹ সংযুক্তা পৰাশৰ (IPS Sanjukta Parashar) ৷ এইগৰাকী আই পি এছ বিষয়া এসময়ত অসমৰ উগ্ৰপন্থী সংগঠন সমূহৰ বাবে ত্ৰাসৰ কাৰণ আছিল ৷ হাতত AK-47 লৈ গভীৰ অৰণ্যত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি তেওঁ সমগ্ৰ দেশতেই পৰিচিত হৈ পৰিছিল ৷

সংযুক্তা পৰাশৰৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত 1979 চনৰ তিনি অক্টোবৰত ৷ গুৱাহাটীত শিক্ষা জীৱনৰ পাতনি মেলা সংযুক্তাই দিল্লীৰ ইন্দ্ৰপ্ৰস্থ কলেজত স্নাতক আৰু জে এন ইউত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰৰ শিক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ লগতে তেওঁ ইউনিভাৰ্চিটি অৱ ইন্দোনেছিয়াৰ পৰা আমেৰিকাৰ বৈদেশিক নীতি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীও গ্ৰহণ কৰে ৷ 2006 চনত সৰ্বভাৰতীয় লোক সেৱাৰ পৰীক্ষাত 85 সংখ্যক স্থান অধিকাৰ কৰি সংযুক্তা পৰাশৰে আই পি এছ বিষয়া হোৱাৰ মানসেৰে যোগ দিয়ে অসম-মেঘালয় কেডাৰত (IPS Sanjukta Parashar AICSE rank) ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

2008 চনত মাকুমত থকা দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ সহকাৰী কামাণ্ডেন্ট হিচাপে যোগদান কৰে (Sanjukta Parashar first posting) ৷ তাৰ পাচতে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হয় সংযুক্তা পৰাশৰক ৷ সেই সময়ত তেওঁ চি আৰ পি এফৰ দলকো নেতৃত্ব দিছিল ৷

সেই সময়ত অসমৰ বড়ো অধ্যুষিত অঞ্চলত নিষিদ্ধ ঘোষিত সংগঠন এন ডি এফ বিৰ কাৰ্যকলাপ তুংগত আছিল (NDFB activities in Assam) ৷ শোণিতপুৰৰ ভীমাজুলিত নীৰিহৰ তেজেৰে ফাকু খেলিছিল এন ডি এফ বিয়ে ৷ সেইসময়ত শোণিতপুৰত হোৱা এক সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল গুলজাৰ হুছেইন নামৰ অসম আৰক্ষীৰ এগৰাকী বিষয়াই ৷ তাৰ কিছুদিন পাচতেই এন ডি এফ বিক ইয়াৰ প্ৰত্যুত্তৰ দিছিল সংযুক্তা পৰাশৰে ৷ সংযুক্তা পৰাশৰে নেতৃত্ব দিয়া আৰক্ষী আৰু চি আৰ পি এফৰ দলৰ গুলীত নিহত হৈছিল বহু কেইটা উগ্ৰপন্থী (Sanjukta Parashar fight against NDFB) ৷

15 মাহ এছ পি হৈ থকা সময়ত সংযুক্তা পৰাশৰে 16 টাকৈ উগ্ৰপন্থীক নিঃশেষ কৰিছিল ৷ ইয়াৰ লগতে 64 টা বড়ো উগ্ৰপন্থীক জেললৈ পঠাইছিল এইগৰাকী আৰক্ষী বিষয়াই ৷ তথ্য অনুসৰি তেওঁ অসম আৰক্ষীত কৰ্মৰত হৈ থকা অৱস্থাত 2013 চনত 172 টা আৰু 2014 চনত 175 টা উগ্ৰপন্থীক জেললৈ প্ৰেৰণ কৰে ৷ হাতত AK-47 লৈ উগ্ৰপন্থীৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ দিয়া সংযুক্তা পৰাশৰে বহুবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছিল (Threat to Cope Sanjukta Parashar) ৷ কিন্তু বিচলিত হোৱা নাছিল তেওঁ ৷ শত্ৰুক ভয় কৰাৰ পৰিৱৰ্তে শত্ৰুৰ বাবেহে তেওঁ ত্ৰাসৰ কাৰণ হৈ পৰিছিল ৷

2017 চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছে সংযুক্তা পৰাশৰ ৷ এইগৰাকী অসমৰ বীৰাংগণাক ভাৰত চৰকাৰৰ গৃহ বিভাগে 2022 বৰ্ষত গৃহমন্ত্ৰীৰ বিশেষ পদকেৰে সন্মানিত কৰে ৷ ইয়াৰ পূৰ্বে, 2018 চনত তেওঁ লাভ কৰিছিল ৰমণী গাভৰু সন্মান ৷ সংযুক্তা পৰাশৰ আজি সমগ্ৰ দেশতেই এগৰাকী অতি দক্ষ আৰু সাহসী আৰক্ষী বিষয়া হিচাপে পৰিচিত ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস

Last Updated :Aug 10, 2022, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.