Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

author img

By

Published : Aug 9, 2022, 9:03 PM IST

Updated : Aug 10, 2022, 6:09 AM IST

Azadi Ka Amrit Mahotsav

দেশ স্বাধীন হোৱা 75 বছৰ পূৰ্ণ হ’ল (75th Anniversary of Indian Independence) ৷ আজিও ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে কনকলতা বৰুৱাৰ নাম (Freedom fighter Kanaklata Baruah)৷ অসমৰ কনিষ্ঠ শ্বহীদগৰাকীৰ গাঁথাৰে আজিৰ এই বিশেষ প্ৰতিবেদন...

নিউজ ডেস্ক, 9 আগষ্ট : দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পূৰ্ণ হ’ল (India celebrating Diamond Jubilee of independence this year)৷ দেশৰ স্বাধীনতাৰ এই যুঁজত তেজেৰে ৰঙালী হৈছিল ভাৰতৰ লগতে অসম ভূমি ৷ 1942 ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ কথা মনলৈ আহিলেই আমি নাম ল’ব লাগিব এগৰাকী বীৰাংগনাৰ ৷ নাম কনকলতা বৰুৱা ৷

বৃটিছৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলী বুকু পাতি লৈছিল কনকলতা বৰুৱাই (Freedom fighter Kanaklata Baruah) ৷ 1942 ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ ভিতৰত কনিষ্ঠ মহিলা তথা প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱালৈ স্বাধীনতা দিৱসৰ এই প্ৰাকক্ষণত জনাইছো সশ্ৰদ্ধ প্ৰণিপাত ৷

1924 চনৰ 22 ডিচেম্বৰত, তেতিয়াৰ অভিভক্ত দৰং জিলাৰ গহপুৰত জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাই (Kanaklata Baruah first woman martyr of Assam) ৷ তেওঁৰ পিতৃ আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ আছিল কনকেশ্বৰী বৰুৱা ৷ সৰুতেই ঘাট মাউৰা হোৱা কনকলতা আৰু তেওঁৰ দুই ভাতৃ-ভগ্নীয়ে ডাঙৰ-দীঘল হৈছিল ককাক আৰু খুৰাকৰ লগত ৷ সৰুৰে পৰা কনকলতা আছিল সকলোৰে আদৰৰ ৷

সেই সময়খিনিত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন ৷ আন্দোলনৰ ঢৌৱে বাৰুকৈ চুই গৈছিল কনকলতাৰ কুমলীয়া মনটোকো ৷ তেতিয়া কনকলতা আছিল 18 বছৰীয়া পাটগাভৰু ৷ 1942 চনৰ 8 আগষ্টত বোম্বেত বহা এখন সভাত মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে ভাৰত ত্যাগৰ প্ৰস্তাৱ ঘোষণা কৰিলে ৷

তেজপুৰত সেই আন্দোলন আগুৱাই নিয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ এই আন্দোলনত যোগ দিছিল হাজাৰ হাজাৰ স্বাধীন মনৰ মানুহে ৷ যাৰ বাবে ইংৰাজে আন্দোলনকাৰীক অ-বৰ্ণনীয়ভাৱে অত্যাচাৰ চলাইছিল ৷ লগতে ইংৰাজে গ্ৰেপ্তাৰ কৰিছিল বহুতকে ৷

সেই সময়ত প্ৰতিখন জিলাৰ কাছাৰী ঘৰ, আদালত, থানা আদিত আছিল বৃটিছ বাহিনীৰ দপদপনি ৷ তেতিয়াই তেজপুৰৰ কাছাৰী ঘৰ, থানা আদিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কনকলতা বৰুৱা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত গঠন হোৱা ‘‘মৃত্যু বাহিনী’’ত যোগ দি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈছিল কনকলতাই ৷ তাতেই বৃটিছৰ গুলীয়ে বুকু ভেদি গ’ল কনকলতাৰ ৷ 1942 চনৰ 20 ছেপ্টেম্বৰত গহপুৰ থানাত দেশৰ হকে প্ৰাণ আহুতি দিছিল কনকলতাই ৷

উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল’বলৈ চেষ্টা কৰোতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয় । কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে ।

ইতিহাসৰ পাতত আজিও সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে কনকলতা বৰুৱাৰ গাঁথা ৷ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা খুব সম্ভৱ দেশৰ ভিতৰতে কনিষ্ঠ কনকলতা বৰুৱাৰ আত্মবলিদানৰ গাঁথাই আজিও অনুপ্ৰাণিত কৰে প্ৰতিজন ভাৰতীয়ক ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav : মহান অসমীয়া স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাস

Last Updated :Aug 10, 2022, 6:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.