Azadi Ka Amrit Mahotsav: ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস

author img

By

Published : Aug 9, 2022, 9:51 PM IST

Phulaguri Dhewa

দেশে এই বছৰ পালন কৰিছে স্বাধীনতাৰ হীৰক জয়ন্তী (India celebrating Diamond Jubilee of independence) । স্বাধীনতা লাভৰ 75 বছৰ পূৰ্তি উপলক্ষে দেশজুৰি বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে স্বাধীনতা মহোৎসৱ । কিন্তু প্ৰতিজন ভাৰতীয়ই জানেনে বাৰু ফুলগুৰি ধেৱা (Phulaguri Dhewa) অৰ্থাৎ ফুলগুৰিৰ ৰণৰ ইতিহাস ? স্বাধীনতাৰ 75 বৰ্ষপূতি উপলক্ষে স্বাধীনতা মহোৎসৱৰ এই পবিত্ৰ ক্ষণত আজি আমি আওৰাম ‘‘ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস’’ ৷

নিউজ ডেস্ক, 9 আগষ্ট: ইংৰাজৰ ঔপনিৱেশিক শাসনৰ অন্ত পেলাই স্বাধীন ভাৰত গঢ়াৰ সংকল্পৰে ভাৰতত বৃটিছ শাসন কালত চলিছিল স্বাধীনতাৰ মহা সংগ্ৰাম ৷ এই সংগ্ৰামৰ মূল গুৰি ধৰোঁতা আছিল জাতিৰ পিতা মহাত্মা গান্ধী ৷ মহাত্মা গান্ধীৰ নেতৃত্বত 1821 চনত বৃটিছৰ কৰ-কাটলৰ বিৰুদ্ধে অসহযোগ আন্দোলন গঢ়ি উঠাৰ বহু পূৰ্বেই 1861 চনতে অসমত আৰম্ভ হৈছিল কৃষক বিদ্ৰোহ (75th Independence day special Historical Phulaguri Dhewa) ৷

সেই সময়ত কৃষকৰ ওপৰত জাপি দিছিল অতিৰিক্ত কৰৰ বোজা ৷ তামোল গছ, নাৰিকল গছ আদিৰো কৰ দিবলগীয়া হৈছিল কৃষকে ৷ বৃটিছৰ অত্যাচাৰত অতিষ্ঠ ফুলগুৰিৰ কৃষক ৰাইজ একগোট হৈছিল ৷ নগাঁও জিলাৰ ফুলগুৰিত 1861 চনৰ 18 অক্টোবৰত কৃষকে আৰম্ভ কৰিছিল বিদ্ৰোহ ৷ যাক জনা যায় ফুলগুৰি ধেৱা (Phulaguri Dhewa, First Anti British Peasant Uprising of Assam) অৰ্থাৎ ফুলগুৰিৰ ৰণ হিচাবে ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav : মহান অসমীয়া স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাস

যি বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমৰ ৰাইজক স্বাধীনতা আন্দোলনৰ বাবে অনুপ্ৰাণিত কৰিছিল ৷ ফুলগুৰি ধেৱাতে উত্তেজিত ৰাইজে হত্যা কৰে এগৰাকী বৃটিছ বিষয়াক ৷ তাৰ পাচতে এই ঘটনাক লৈ নগাঁৱত নগাঁৱৰৰ সদৰ জেইলত বিচাৰৰ ব্যৱস্থা কৰে বৃটিছ চৰকাৰে ৷

বৃটিছ চৰকাৰৰ বিচাৰ অনুসৰিয়েই ফাঁচী দিয়া হয় কটহগুৰিৰ লক্ষ্যসিং ডেকা, টুপাকুচীৰ ৰণবৰ ডেকা আৰু ঔ-গুৰিৰ চাংবৰ লালুঙক ৷ সেই সময়ৰ চৰকাৰী তথ্য অনুসৰি, 46 জনকৈ কৃষকৰ মৃত্যু হৈছিল এই কৃষক আন্দোলনটোত ৷ ফুলগুৰি ধেৱাক আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক স্বীকৃতি প্ৰদান নকৰাৰ অভিযোগ নগাঁও তথা ফুলগুৰিবাসীৰ ৷

দেশৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহটো কেৱল ৰাজ্যিক পৰ্যায়তে জন মানসত থাকি ৰ’ল ৷ দেশৰ ইতিহাসত ই লাভ নকৰিলে যথোচিত পৰিচয় ৷ এতিয়া মাথো স্মৃতিসৌধসমূহে বুকুত সামৰি ৰাখিছে সেই জীৱন্ত ইতিহাস ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.