ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Aug 12, 2021, 7:02 PM IST

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

টিংখাঙৰ শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ জাতীয় পতাকা

ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱ প্ৰজন্মৰ শিল্পী । বাঁহ-বেতৰ শিল্পকৰ্মত জড়িত শিল্পীগৰাকীয়ে সাজি উলিয়াইছে বিশেষ ধৰণৰ জাতীয় পতাকা । আনকি তেওঁৰ হাতত প্ৰাণ পাই উঠা বিশেষ জাতীয় পতাকা বিক্ৰী হৈছে ৰাজ্যৰ বিভিন্ন বজাৰত ।

বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !

সঘনে সলনি হ’ব ধৰিছে অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট ৷ ক্ষমতাৰ লালসা নাইবা দলৰ প্ৰতি অনিহাৰ বাবেই এতিয়া দল সলাইছে ইজনৰ পাচত সিজন নেতাই ৷ এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম ৷ শীঘ্ৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা কংগ্ৰেছী সাংসদগৰাকীয়ে ৷ কিন্তু এই কথা নস্যাৎ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

লাভলীনালৈ গীত উপহাৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাৰ ়

অসম পালেহি ব্ৰঞ্জ কন্যা লাভলীনা বৰগোহাঁই ৷ বিভিন্নজনে লাভলীনাক জনালে সম্বৰ্ধনা আৰু শুভকামনা ৷ অসম জীয়ৰী লাভলীনা বৰগোঁহাই মাতৃভূমিলৈ অহাৰ প্ৰাকক্ষণত বুধবাৰে সন্ধ্যা গহপুৰত মুক্তি লাভ কৰিলে ‘অসমী আইৰে কন্যা তুমি লাভলীনা' শীৰ্ষক গীতে ।

লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

লাভলীনাক অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ পদত যোগদান কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ অভিনন্দন অনুষ্ঠানত এই কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

বিশ্ব হস্তী দিৱস : মানাহত হাতীৰ বাবে আয়োজন প্ৰীতি ভোজ

প্ৰতিবছৰে 12 আগষ্ট দিনটো বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ 12 আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে মানহ ৰাষ্ট্ৰীয় উদ্যানতো উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস ৷ য’ত প্ৰথমবাৰৰ বাবে হাতীৰ বাবে ৰখা হয় এক প্ৰীতি ভোজৰ অনুষ্ঠান ৷

গাঁঁওবুঢ়াৰ নিযুক্তিক লৈ তিনিচুকীয়াত প্ৰতিবাদ

এজন গাঁওবুঢ়া নিযুক্তি দিয়াক লৈ তিনিচুকীয়াত প্ৰতিবাদ ৷ স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি এজন অস্থায়ী লোকক গাঁওবুঢ়া নিযুক্তি দিয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰে অস্থায়ী গাঁওবুঢ়াজনক নিলম্বন কৰিবলৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ স্থানীয় ৰাইজৰ ৷

বাবুৰহাটত জব্দ 40 টা গৰু

য'তে বাঘৰ ভয় তাতে ৰাতি হয় । এই আপ্ত বাক্যশাৰী খাপ খাই পৰিছে বিলাসীপাৰাৰ চোৰাং গৰু ব্যৱসায়ীৰ সৈতে । উদ্দেশ্য আছিল গৌৰাং নৈৰে বাংলাদেশলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰা । কিন্তু আদবাটতে লাগিল অথন্তৰ ।

মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাঁওখন...

এখন বিশেষ গাঁও, য’ত প্ৰতিজন ব্যক্তিৰ মৃত্যু পাচত সেই ব্যক্তিজনৰ স্মৃতি জীয়াই ৰখাৰ অৰ্থে তেওঁৰ নামত গছপুলি ৰোপণ কৰে গাঁৱৰ ৰাইজে ৷ এই গছসমূহে প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষা কৰি আহিছে গাঁওখনৰ ৷ কিন্তু ক’ত আছে আছে এই বিশেষ গাঁওখন ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

গুপ্ত ঘাতকৰ বলি ডাঃ ধৰণীধৰ দাসক স্মৰণ

১৯৯৮ চনৰ ১১ আগষ্ট, এটা অভিশপ্ত দিন । একেটা পৰিয়ালৰে ৪ জনকৈ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল গুপ্তঘাতকে । আলোচনাপন্থী আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ জ্যেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাসৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যই প্ৰাণ হেৰুৱাইছিল গুপ্তঘাতকৰ গুলীত । ডাঃ ধৰণীধৰ দাসৰ স্মৃতিত তেওঁৰ ২৩ সংখ্যক মৃত্যু বাৰ্ষিকীত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত বাক্সা প্ৰেছ ক্লাবত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

গোলাঘাটত বক্সিং ষ্টেডিয়াম বিচাৰি ক্ৰীড়া মন্ত্ৰীলৈ চিঠি অজিত ভূঞাৰ

গোলাঘাটত এখন অত্যাধুনিক বক্সিং ষ্টেডিয়াম নিৰ্মাণৰ বাবে ক্ৰীড়া মন্ত্ৰী গৰাকীক অনুৰোধ জনাই এখন চিঠি প্ৰেৰণ কৰিছে ৰাজ্যৰ সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.