ETV Bharat / city

বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !

author img

By

Published : Aug 12, 2021, 5:10 PM IST

সঘনে সলনি হ’ব ধৰিছে অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট ৷ ক্ষমতাৰ লালসা নাইবা দলৰ প্ৰতি অনিহাৰ বাবেই এতিয়া দল সলাইছে ইজনৰ পাচত সিজন নেতাই ৷ এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম ৷ শীঘ্ৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা কংগ্ৰেছী সাংসদগৰাকীয়ে ৷ কিন্তু এই কথা নস্যাৎ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

Pradyut Bordoloi to join BJP Assam
বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !

নিউজ ডেস্ক, 12 আগষ্ট : দলৰ প্ৰতি অহা অনিহা অথবা ক্ষমতা লিপ্সা যি বুলিয়েই নকওক, এতিয়া অসম ৰাজ্যিক কংগ্ৰেছত চলিছে এচাম নেতা-বিধায়কৰ বিজেপিলৈ গমনৰ প্ৰক্ৰিয়া ৷ শেহতীয়াকৈ কংগ্ৰেছৰ দুগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ বিজেপি গমনৰ পাচতে এতিয়া সৰব চৰ্চা চলা বিষয়টো হৈছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে ৷

মঙলবাৰে দিল্লীত অসমৰ সকলো সাংসদৰ সৈতে নৈশ ভোজত মিলিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই নৈশ ভোজৰ বহুকেইখন ফটো ইতিমধ্যে প্ৰচাৰ হৈছে ছ’চিয়েল মিডিয়াত ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ বৰদলৈৰ এখন ফটো হৈ পৰিছে অধিক চৰ্চিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

এই বিশেষ ফটোখন প্ৰকাশ হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক মহলত হোৱা চৰ্চা মতে, শীঘ্ৰে বিজেপিত যোগদান কৰিব নেকি কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে !

চৰ্চা অনুসৰি আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ সাংসদ গৰাকীয়ে বিজেপিত যোগদান কৰাৰ আঁৰত বহুকেইটা কাৰণ থকা বুলি চলিছে বু-বু বা-বা ৷ ইয়াৰে অন্যতম কাৰণ হৈছে, দলত সাংসদগৰাকীক এলাগী কৰাৰ প্ৰসংগ ৷ তাৰোপৰি দলটোৰ বহুসংখ্যক জ্যেষ্ঠ নেতাৰ সৈতে বৰদলৈৰ দূৰত্ব বঢ়া বুলিও ক’ব খুজিছে এটা মহলে ৷

ৰাজনৈতিকভাৱে বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ এই বিষয়টোক লৈ বৰদলৈয়ে মুখ খোলা নাই ৷ কিন্তু এই প্ৰসংগক লৈ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই এক সংবাদমেলত উল্লেখ কৰা অনুসৰি, বিজেপিলৈ কেতিয়াও নাযায় প্ৰদ্যুৎ বৰদলৈ ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতে এইয়া বিজেপিৰ ষড়যন্ত্ৰ ৷ দলটোক পূৰ্বৰ দৰে শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনাত মিলিত হোৱা বুলিহে সংবাদ মেলত উল্লেখ কৰিছে ৷

পিছে কিবা পৰিকল্পনা মনতে যুগুত কৰিছে নেকি প্ৰদ্যুৎ বৰদলৈয়ে ? সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও বিষয়টো কিন্তু ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চিত হৈ আছে ৷

লগতে পঢ়ক: কাজিৰঙাৰ ক’ত কেনেকৈ নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.