ETV Bharat / state

গাঁঁওবুঢ়াৰ নিযুক্তিক লৈ তিনিচুকীয়াত প্ৰতিবাদ

author img

By

Published : Aug 12, 2021, 5:38 PM IST

এজন গাঁওবুঢ়া নিযুক্তি দিয়াক লৈ তিনিচুকীয়াত প্ৰতিবাদ ৷ স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি এজন অস্থায়ী লোকক গাঁওবুঢ়া নিযুক্তি দিয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰে অস্থায়ী গাঁওবুঢ়াজনক নিলম্বন কৰিবলৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ স্থানীয় ৰাইজৰ ৷

তিনিচুকীয়াত অস্থায়ী লোকক গাঁওবুঢ়া পদত নিযুক্তি দিয়াক কেন্দ্ৰকৰি প্ৰতিবাদ
তিনিচুকীয়াত অস্থায়ী লোকক গাঁওবুঢ়া পদত নিযুক্তি দিয়াক কেন্দ্ৰকৰি প্ৰতিবাদ

তিনিচুকীয়া,12আগষ্ট : গাঁওবুঢ়া নিযুক্তিৰ নামত কেলেংকাৰীৰ অভিযোগ ৷ এইবাৰ ঘটনাৰ স্থান তিনিচুকীয়া ৷ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় ৰাইজে ৷ ঘটনা অনুসৰি টেঙাপানী, ৰবৰবাৰী, টিংৰাই, হেবেদা গাঁৱৰ নৱ নিযুক্ত গাঁওবুঢ়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৰাজীৱ বাইলুঙে ৷

কিন্তু একাংশ ৰাইজে ৰাজীৱ বাইলুঙে দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক সহজভাবে গ্ৰহণ কৰিব পৰা নাই ৷ কিয়নো চৰকাৰী গাঁওবুঢ়াজনৰ ওপৰত স্থানীয় গাঁৱৰ ৰাইজে দীৰ্ঘ দিনৰ পৰা কেতবোৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

উল্লেখযোগ্য যে, বিজ্ঞাপনত উল্লেখিত আবেদনকাৰী অৰ্থাৎ ৰাজীৱ বাইলুঙৰ নিজৰ নামত থকা স্থাৱৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ গাঁওবুঢ়া এলেকাৰ অন্তৰ্গত গাঁও কেইখনত নাই ৷ লগতে গাঁও কেইখনৰ স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ নাই বুলি বহু দিনৰ পূৰ্ৱে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি আহিছিল ।

লগতে পঢ়কঃ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজে পাতিলে ভেকুলীৰ বিয়া

একেদৰে জিলা উপায়ুক্তকো এই বিষয়ে অৱগত কৰিছিল যদিও কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল জিলা উপায়ুক্ত গৰাকীয়ে ৷ সেয়েহে বৃহস্পতিবাৰে উপায়ন্তৰ হৈ স্থানীয় ৰাইজে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, টেঙাপানী, ৰবৰবাৰী, টিংৰাই, হেবেদা গাঁৱৰ চৰকাৰী গাঁওবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ৫ গৰাকী ব্যক্তিয়ে আবেদন কৰিছিল । তাৰে ৪ গৰাকী টেঙাপানী,ৰবৰবাৰী,টিংৰাই,হেবেদা গাঁৱৰ স্থায়ী বাসিন্দা আছিল ।

কিন্তু অতিপৰিতাপৰ কথা যে, উক্ত চাৰিগৰাকীৰ এগৰাকী স্থানীয় বাসিন্দাক নিযুক্তি নিদি স্থানীয় বাসিন্দা নোহোৱা এজনক নিয়ুক্তি দিয়াৰ পাছতে সম্প্ৰতি জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্থানীয় ৰাইজে উক্ত ৪ গৰাকী স্থানীয় বাসিন্দাৰ ভিতৰত এজনক নিযুক্তি দিবলৈ দাবী জনাইছে ৷ লগতে নৱ নিযুক্ত গাঁওবুঢ়া ৰাজীৱ বাইলুংক অতিশীঘ্ৰে নিলম্বন কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ আজি বিশ্ব হস্তী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.